পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ বৰ্ধ্বৰ- (philosophy taught by examples ) শাস্ত্ৰ বুলিব পাৰি। যুগৰ পাশৱিক বলেৱে প্ৰভবান্বিত জন-সাধাৰণৰ মনত সোমোৱাকৈ সেই সাহিত্য ৰচনা কৰা হৈছিল। এইবিলাক কাৰ্য্য আধ্যাত্মিক ভাৱে ললেহে আচল ধৰ্ম্ম- ভাৱ বুজিব পাৰি। তদুপৰি ঈশ্বৰৰ কাৰ্য্য অনুসৰণ নকৰি উপদেশ আচৰণ কৰিবলৈ ভাগৱত পুৰাণত সতৰ্ক কৰা আছে; ঈশ্বৰ সকলে, যি কৰ্ম্ম কৰয়, মনেও তাক নকৰি। তাৰাসৱে যিৱা, উপদেশ দিয়ে, তাকেসে সৱে আচৰি॥” দশম স্কন্ধ 88 "F কলাবিদ্যা, কবিতা আৰু ধৰ্ম্ম বৰ্তমান যুগত শিক্ষিত সম্প্ৰদায়ৰ মাজত শিল্পব যিবান বহল আলোচনা শুনিবলৈ পোৱা যায় অইন একে। বিষয়ৰে সিমান পোৱা নাযায়। অতি প্ৰাচীন কালবে পৰা সৌন্দৰ্য্যৰ উপসনাকাৰীৰ দল যথেষ্ট আছে কিন্তু কোনো যুগতে আজিৰ নিচিনাকৈ উচ্চ আৰু যজগীয়৷ শ্ৰেণীৰ মনোবৃত্তিৰ ওপৰত সৌন্দৰ্য্যই ইমান প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি অনুমান কৰিব নোৱাৰি। সেই বাবে আমি থিয়েটাৰলৈ গলে শুনিবলৈ পাওঁ তাত কলা আলোচন', বায়স্কোপত এটি চুটী গল্পত কল৷ আৰু আনকি চিগাৰেটত হোপামৱা আৰু অসংখ্য সক সৰু আঙঠিৰ আকাৰত ধোঁৱা উৰাই দিয়াত শিল্প--এক কথাত কবলৈ গলে কল৷ আৰু শিল্পই আমাৰ মাজৰ কিছুমানৰ কৰ্ম্মজীৱনৰ শতকৰা নব্বৈ ভাগ অধিকাৰ কৰি পেলাইছে। এনেস্থলত এই বিষয়ৰ আলোচনাৰ এটি ডাঙৰ আৱশ্যকত। অমুভৱ কৰা যায়। কলা, সকলো কথাৰ ব্যাখ্যাতেই অসংখ্য মতভেদ পোৱাৰ দৰে এই শিল্প শব্দটোৰ ব্যাখ্যাতো নানা মুনিৰ নানা মত। ভিন ভিন সময়ত ভিন ভিন লেখকে এই শব্দটোৰ বেলেগ বেলেগ ব্যাথ্যা ডাঙি ধৰিছে। মানুহে অতি প্ৰাচীন কালৰে পৰা শিল্পৰ ব্যৱহাৰ কৰি আহিছে। আনজনৰ আগত কথা কওঁতে, নিজৰ উপযোগী বস্তু তৈয়াৰ কৰোঁতে নাইব! অসভ্যবিলাকে হাতেমুখে এজনে