পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1.000 দেহা তাৰ একোৱে নহয়? প্ৰেমৰ পথত মাথো প্ৰৱন্ধ সংগ্ৰহ আত্মাৰ লগত যদি কিয় বাৰু কৰে তেনেহলে কুৰূপত নকৰি আশ্ৰয়? সুন্দৰৰ আৰাধনা যি প্ৰেমৰ পোহৰত পৰিচয় আছে তেনে দেখা পাবা অতি অনায়াসে ফুৰূপতো চালে চক্ষু মেলি; চিৰকাল সুন্দৰক দেখা উদ্ভাসিত হৈ থকা ফুৰূপতো আছে সিয়ে জ্বলি বৈষ্ণৱ সাহিত্যত গণতন্ত্ৰবাদ ৰাজনৈতিক সভ্যতাৰ আমোলত ভাৱবাদী ঐতিহাসিক পণ্ডিতসকলে ধৰ্ম্মভাৱৰ ক্ৰমোন্নতি ৰাজনৈতিক ভাৱৰ ক্ৰমোন্নতিৰ লগত ৰজিতা খুৱাই কয় যে ৰজাৰ উপৰি ৰজা সম্ৰাটৰ আবিৰ্ভাৱৰ লগে লগে জগতত দেৱৰে৷ দেৱতা পৰমেশ্বৰৰ ধাৰণ৷ দৃঢ় হৈ উঠে। উদাহৰণ স্বৰূপে তেওঁলোকে কয় যে য়ুৰোপত ৰে'ম'ন সাম্ৰাজ্যৰ অভ্যুত্থানৰ লগে লগে খৃষ্টধৰ্ম্মৰ একেশ্বৰবাদ আৰু ভাৰতত আৰ্য্য- সম্ৰাট বিশেষকৈ গুপ্ত সম্ৰাটসকলৰ দিনত দেৱৰে৷ দেৱত! হৰিৰ আৰাধনাৰ ভাৱ বলবান হৈ উঠে। বৈষ্ণৱ তথা শঙ্কৰী-সাহিত্যৰ পৰ৷ ঈশ্বৰৰ ৰাজত্ব সম্পৰ্কে বিচাৰ কৰিবলৈ হলে আমি একে আষাৰে কব পাৰোঁ যে বৈষ্ণৱ ধৰ্ম্মৰাজ্যৰ ঈশ্বৰ সম্পূৰ্ণ গণতন্ত্ৰী। এইটে৷ বিশেষকৈ লক্ষ্য কৰিব লগীয়া যে অসমীয়া সাহিত্যৰ প্ৰধান ধৰ্ম্ম- পুথি “নাম-ঘোষ৷” আৰম্ভ হৈছে ভকতৰ বন্দনাৰ “মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমে৷” আৰু তাৰ পিছতহে “সমস্ত মস্তক-মণি” ঈশ্বৰক “নিজ ভকতৰ ব্য” বুলি ভজনা কৰা হৈছে। মহাপুৰুষীয়৷ বৈষ্ণৱ ধৰ্ম্মমতত চাৰিটি মূলবস্তু