পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ আনকি নিজৰ কোৱা ভাষাকো পৰিবৰ্ত্তন কৰি ভাৰতীয় কথিত ভাষাৰ লগত আপোছ মীমাংসা কৰি এটি উমৈহতীয়া ভাষ! উলিয়ালে অঞ্চ তাৰ নাম দিলে উৰ্দু। তেওঁলোকৰ ধৰ্ম্ম ইছলাম বিশুদ্ধ একেশ্বৰবাদী ধৰ্ম্ম”। এই ধৰ্ম্মই জাতি- ভেদ নেমানে। সেইদেখি তেওঁলোকে তেতিয়াৰ প্ৰচলিত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই বোৰ জাতি ভেদ দূৰ কৰি এক জাতীয়তাবোধ আনিবৰ নিমিত্তে সকলোৰে সলষ্টিক নাম দিলে হিন্দু আৰু এওঁলোকৰ ঘাই থকা ঠাই আৰ্য্যাবৰ্তক ( আজিকালি যুক্তপ্ৰদেশ ) নাম দিলে হিন্দুস্তান। তেওঁলোকৰ ধাৰ্ম্মিক লোক সকলে বা চুফি লোক সকলে হিন্দু সন্ন্যাসী লোকসকলৰ লগত মিলিত হৈ এক একেশ্বৰ বাদী জাতিভেদ-বিবৰ্জিত বৈষ্ণৱ ধৰ্ম্মৰ উৎপত্তিৰ সহায়ক হল। কিন্তু এই বৈষ্ণৱ ধৰ্ম্ম ও ব্ৰাহ্মণ সকলৰ প্ৰকোপত পৰিল। শেষত গৈ হিন্দু-মুলমানৰ ভিতৰত অৰিয়! অৰি ভাৱ আৰু যুদ্ধাদি ঘনাই লাগিবলৈ ধৰিলে। বিশ্বনিয়ন্তাই একো উপায় নেপাই সাত সমুদ্ৰৰ সিপাৰৰ পৰ৷ এটি পৰাক্ৰমী খৃষ্টিয়ান জাতি আনি এওঁলোকৰ ভিতৰত সুমুৱাই দিলেছি। এই তৃতীয় দলটিয়ে যেতিয়া হাতত চেকনি লৈ স্থলীগ ছাতক শাসন কৰাৰি এওঁলোকক শাসন কৰিগৈ আৰু শিক্ষা দিবলৈ অৰম্ভ কৰিলে এওঁলোকৰ অৰিয়া অবি অনেক পৰিমাণে শাম কাটিলে কিন্তু ওৰ নগৰিল। এতিয়া এওঁলোক সিয়ান হৈছে আৰু হিন্দু-মুছলমান গুচি সংখ্যা গৰিষ্ঠ সংখ্যা লঘিষ্ঠ দল নাম পাইছে আৰু তিনিও দলৰ ভিতৰত খেলি মেলি আৰু বণিয়াগিৰি আৰম্ভ হৈছে। সংখ্যা গৰিষ্ঠ দলৰ প্ৰৌঢ় লোক সকলে হিন্দুস্থান অৰ্থৎ ভাৰতবৰ্ষ খন হিন্দুৰ নিমিত্তেহে বুলি দাবি কৰিছে আৰু আধুনিক শিক্ষা প্ৰাপ্ত ডেকা সকলে ধৰ্ম্মই সকলে৷ অনিষ্টৰ মূল বুলি ধৰ্ম্মক বিপৰ্জ্জন দিবলৈ ওলাইছে। ইফালে সংখ্যা লঘিষ্ঠ মুছলমান সকলৰ মাজত ভাৰতৰ আৰ্য্য ভাৱাপন্ন ইছলামক এৰি আৰবৰ ছেমিটিক ইছলামক আঁকোৱালি ধৰিবলৈ প্ৰচেষ্ট। চলিব লাগিছে। এতিয়া একমাত্ৰ বিধাতাইহে জানে ইয়াৰ শেষ ফল কি হয় গৈ। হে প্ৰভো! তযু ইচ্ছা পূৰ্ণ হওক। GE