পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইছলাম আৰু ভাৰতায় ধৰ্ম্ম আৰু কুষ্টিৰ সমন্বয় ইয়াত কোনো সন্দেহ নাই। এই জিকিৰ বোৰ ঠিক অসমীয়া ভকত সকলে নাম গোৱাৰ নিচিনাকৈ একে ধৰণে একে লুৰে গায়। কিন্তু হাতচাপাৰ তাল- খোল ঢোল-ডগৰা আদি একো নবজায়। এই জিকিৰৰ নমুনা দুটিমান তলত দিয়া হল। এই বিষয়ে শ্ৰীযুত ক্ষেত্ৰধৰ বৰগোঁহাই ডাঙৰীয়াই আজি ২২৩ বছৰষ আগতে “আৱাহন”ত এটি কি দুটি প্ৰৱন্ধ লিখিছিল। তেওঁৰ উঠ্য শলাগিব লগীয়া, কাৰণ এই জিকিৰ বোৰ লিখি লবলৈ, যি সকলে জানে সেই সকলে নিদিয়ে। ২। গোৰ আজাবৰ কুটাও নেদেম যেন। গোৰ আজাবৰ Cাৰ অজাবৰ বাতৰি শুনতে — তাকৰে কাটিলে ক্ষেণ!! বাতৰি শুনোঁতে বাটত আছে বান্দা আগলৈ নচলে ভৰি। হক হওক বাতৰি শুনাতে বাটৰ যমদূত নিব কালে চুৰ কৰি॥ ইত্যাদি নুৰৰ গায়ব চাৰিও পবনৰ খেল! ত’লৈ মূৰ কৰি গেৱা মন কৰি সবাৰো ঘটে ঘটে আল্লা। ইত্যাদি ৩৭ নেৰিবা কলিমা ধৰিং৷ কলিমা কলিমা ধৰসৰ গুৰি। একেটি কলিমা ব্ৰহ্মাণ্ড ভেদিছে চৰাই হৈ ফুৰিছে উড়ি॥ ইত্যাদি অতএব দেখা যায় যে অসমতে! আঙুলি মূৰত লেখিব পৰা মুছলমান কেই- টাইও অসমীয়াৰ হকে অসমীয়া ভাষাৰ হকে একে৷ নকৰাকৈ যোৱা নাই। ওপৰত দেখুৱা হৈছে যে মুছলমান সকলে ভাৰতত সোমোৱা অবধি ভাৰতকে নিঞ্জৰ মাতৃভূমি জ্ঞান কৰিলে আৰু ইয়াৰ যত কৃষ্টি আছিল মানে সকলোকে নিজৰ বুলি ভাবি লৈ আৰু নিজৰ ঠাঁচ দি আৰু নতুন নতুন কৃষ্টি উদ্ভাৱন কৰি এটি নতুন সভ্যতাৰ অৱতাৰণা কৰিলে আৰু পৃথিৱীৰ ভিতৰত ভাৰতক এখন প্ৰতিভাপন্ন আৰু সমৃদ্ধিশালী দেশ বুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।