পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ বৈষ্ণৱ ধৰ্ম্ম এই পৰিচয়তাৰে ফল। সাধক শঙ্কৰৰ লগত এজন মুছলমান থকাৰ কথা সকলো শঙ্কৰৰ জীৱনী লিখোঁতাই স্বীকাৰ কৰে। তেওঁ লোকে কয় এই মুছলমানজন” তেওঁৰ শিষ্য আছিল। কিন্তু দৰাচলতে এই মুছলমান জন এজন চুফি আছিল, তেওঁৰ নাম চান্দ ফকিৰ। এওঁৰ লগত শঙ্কৰৰ ঈশ্বৰতত্ত্ব, সৃষ্টিতত্ত্ব ইত্যাদি আধ্যাত্মিক সম্বন্ধে গভীৰ জ্ঞানৰ আলোচনা হৈছিল। শুৰু শঙ্কৰৰ কেৱল এজন মুছলমানহে শিষ্য আছিল, এই কথাটোও ভাবিব লগীয়া নহয় জানো? এইবোৰ কথা যি কি নহওক শঙ্কৰৰ মূলমন্ত্ৰ ‘একদেৱ, এক দেৱ, এক বিনে নাই কেৱ” হজৰত মহম্মদৰ মূলমন্ত্ৰ “লা এলাহা ইল্ল আল্লাহ” ( অৰ্থাৎ এজন আল্লাৰ বাহিৰে আৰু কোনো আল্ল৷ নাই, তেওঁহে একমাত্ৰ পূজনীয় ) হ'বহু একে। শঙ্কৰৰ এই মূল মন্ত্ৰটি হজৰত মূল মন্ত্ৰৰে প্ৰতিধ্বনি মাথোন বুলিব পাৰি। যি সময়ত শঙ্কৰে বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰে মুছলমানৰ প্ৰভাৱ তেতিয়াও অসমত বিস্তাৰ লাভ কৰা নাছিল; পাছত যিওবা হৈছিল সিও হাজো বা গুৱাহাটীলৈবেছে। এই কাৰণে অসমত মুছলম'ন সকলে ভাৰতৰ আন আন ঠাইৰ দৰে শিল্প, কলা ইত্যাদিত কোনো উন্নতি সাধিবলৈ সুবিধা পোৱা নাছিল। মিজু মেলেৰীয়া ৰোগত নুভুগি আৰু তেওঁৰ সৈন্যবোৰে অসমত থাকিবলৈ অনিচ্ছুক নহৈ থাকি যোৱা হলে বোধ কৰে। আজি অসমৰ অৱস্থা আন ৰকম হলহেঁতেন। অসমৰ সীম৷ ভাটি বঙপুৰৰপৰ৷ কোচ বেহাৰকে লৈ সদিয়৷ পৰ্য্যন্ত হলহেতেন আঁক আজি হিলটখনলৈ যেনে খকা খুন্দা লাগিছে তেনে নহলহেঁতেন আৰু বঙ্গদেশৰ লগত আজি আমি সকলে। বিযতে সমানে ফেৰ বহিব ধৰা হলোহেঁতেন। যদিও মিৰজুমলা আহোম ৰাজ্যৰ ৰাজধানী এৰি গুচি গল তত্ৰাচ মুছলমানৰ চিন একেবাৰে মাৰযোৱা নাছিল। ৰিজুলাৰ আক্ৰমণৰ বহু বছৰ আগৰে পৰ৷ আহোম ৰাজ্যত মুছলমান আছিল কিন্তু সংখ্যা নিচেই তাকৰ আছিল। প্ৰৱাদ আছে যে কোনোবা এজন আহোম ৰজাই বঙ্গলাৰ মুছলমান গৱৰ্ণৰক অনুৰোধ কৰি তেওঁৰ প্ৰজাসকলক শিল্প, ৰণৰ কৌশল আদি শিকাবৰ নিমিত্তে কিছুমান মূছল- মান পৰিয়ালক গৌড়ৰ পৰা অনাইছিল। সেইদেখি এওঁলোকক গৌড়ীয় বা গড়ীয়া বুলি কৈছিল। কিন্তু অসমখন হিন্দু প্ৰভাৱাপন্ন হোৱাৰ লগে লগে “গড়ীয়া” শব্দ ঘণাৰ্থে “গৰীয়৷” হৈ পৰিল। এতিয়াও শিৱসাগৰৰ বহুত মুছলমানে দা-ধৰা বৰা, ৰহন কৰা বৰা, হাতী ফৌদাৰ (ফৌজদাৰ) ইত্যাদিৰ ঘৰৰ বুলি গৌৰৱ কৰে.,। আহোম ৰজাই এই মুছলমানসকলৰ কোনো কোনোক UB