পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইছলাম আৰু ভাৰতীয় ধৰ্ম্ম আৰু কৃষ্টিৰ সমন্বয় st এজনহে আৰু তেওঁৰ নাম লোৱাই সকলো ধৰ্ম্মৰে সাৰ, ঈশ্বৰে কেৱল মানুহৰ কাৰ্য্য অনুসৰিহে ভাল বেয়৷ বিচাৰ কৰে, ব্ৰাহ্মণৰ পৰিয়ালত জন্ম হলেই উদ্ধাৰ পাব, এনে নহয় ইত্যাদি হজৰত মহম্মদৰ বাণীকেই সৰ্ব্বসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ ধৰিলে। ফলত মুছলমান চুফিসকলৰ লগত এই হিন্দু সন্ন্যাসী সকলৰ মিলন ঘটিল। ভাৰতীয় ইতিহাস আলোচনা কৰিলে দেখা যায় যে এই মিলন খৃষ্টীয় পঞ্চাশ আক ষোড়শ শতাব্দীত ঘটিছিল। প্ৰথমে কধীৰেই এই মিলনৰ মূলনীতিবোৰ আদৰণীয় কৰি তুলিছিল আৰু তেওঁৰ দিনৰ পৰাই মূৰ্ত্তিপূজা দেবাৰ্চ্চনাৰ ইত্যাদিৰ প্ৰতি অৱজ্ঞা প্ৰকাশ পাবলৈ ধৰে। তেওঁৰ মনত ভাৰতীয় বেদান্ত আৰু ইছলামীয় তছওফ, সমানে ঠাই পাইছিল আৰু উভয়ৰ মিলনে! ঘটিছিল। কবীৰ আছিল উত্তৰ ভাৰতৰ মানুহ। এই কালতে পঞ্জাৱত গুৰু নানক, দক্ষিণাত্যত একনাথ, বঙ্গ দেশত চৈতন্য আৰু আমাৰ অসমত 'মহাপুৰুষ শঙ্কৰৰ জন্ম হয়। এওঁলোকে নিজ নিজ দেশত অতি সুৱল! আৰু উজু ভাষাত গাৱঁ’লীয়৷ সৰ্ব্বসাধাৰণ মামুছে বুজিব পৰাকৈ আৰু জাত লগাই গাব পৰাকৈ বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰে। এই সন্ন্যাসীসকলে ভাবিছিল যে, তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ্থনকে এটা মহাজাতিত পৰিণত কৰিব ঘি জাতিত কোনো বিশিষ্ট ধৰ্ম্ম সমাজ বা বৰ্ণৰ প্ৰাধান্য নেথাকিব। কোনো কোনো বাদছাহ সকলৰ ভিতৰতে৷ এই চেষ্টা চলিছিল। এইবাদছ'হ কেইজনৰ ভিতৰত সম্ৰাট আকবৰ আৰু তেওঁৰ নাতিৰ সন্তান দাৰ৷ ছিকোহৰ নামেই ঘাইকৈ উল্লেখযোগ্য। আন কি আকবৰে “দীইন-ই-এলাহি” নামেৰে এট। ধৰ্ম্মকে উলিয়াইছিল। তেওঁলোক কৃতকাৰ্য্য হৱ পাৰক বা নোৱাৰক কিন্তু হিন্দু আক মুহলম'নৰ মাজত মিসা প্ৰীতি ভাৱৰ যে এটি যুগ আনি- ছিল ই ধুৰূপ। কিন্তু ব্ৰাহ্মণসকলৰ হাত ইয়াতে৷ লাগিল আৰু শেষত এনে- কুৱা হল গৈ যে আজিকালি এই বৈষ্ণৱ সম্প্ৰদ!য়ৰ অধিকাংশ লোকেই ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলক বেছিকৈ দেখিব নোৱাৰা হল; যেনেকৈ পঞ্জাবৰ শিখ সকল আৰু তাকে চাই অলপ নামনাচ ভাৱে আমাৰ অসমত বৰপেটাৰ মহা- পুৰুষীয়া সকল।

মহাপুৰুষ শঙ্কৰদেৱ নগাঁওৰ বৰদোৱাত জন্ম গ্ৰহণ কৰে। তেওঁৰ ধৰ্ম্মত বৰ মতি আছিল আৰু এই মতিয়েই তেওঁক সাধক শ্ৰেণীত পৰিণত কৰিছিল। তেওঁ কাশী, বৃন্দাৱন আদি ঠাইত তীৰ্থ কৰিবলৈ যাওঁতে এই হিন্দু সন্ন্যাসী আৰু মুছলমান চুফিসকলৰ লগত পৰিচয় লাভ কৰে। তেওঁৰ প্ৰচাৰিত