পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ এই ৰকমে ধাৰ'বাহিক ৰূপে এই সম্প্ৰদায় (order) আজি পৰ্য্যন্ত চলি আহিছে। ৰজা সকলে যেনেকৈ ৰাজা চলায় ঠিক তেনেকৈ এই চুফি সকলেও এটি গুপ্ত- ৰাজ্য চলাই আহিছে। পাৰ্য দেশৰ ছেখ চাদি, হাফিজ, ওমৰ্থইয়াম আদি আৰু ভাৰতৰ খাজা মইনুদ্দিন চিন্তি, (যাৰ কবৰ এতিয়া আজনীড়ত আছে আৰু সকলে৷ সম্প্ৰদায়ৰ তীৰ্থস্থান ) নিজামুদ্দিন আউলীয়া, বন্দ| নওয়াজ ইত্যাদি এই চুফি দলৰে মানুহ আছিল। হজৰতৰ বিধান মতে “ছবিৰৎ, তৰিকত্, হকিকত আৰু মাফৎ এই কেইটিয়েই এই চুফি মতৰ স্তৰ ( stage)। হজৰত মহম্মদৰ স্বৰূপ এই কেইটি স্তব বা stage ৰ মাজেদিহে বুজিব পাৰে আৰু হজৰতৰ স্বৰূপ বুজিলেহে এই জ্ঞান লাভ হয় আৰু শেষত খোদাপ্ৰাপ্তি হয়। মূৰছিদ বা গুৰু নভজিলে এই জ্ঞান নজন্মে। সেইহে গুৰু নানকে মক্কা আক মদিনালৈ তীৰ্থ কৰিবলৈ গৈছিল স্মাৰু আজি পৰ্য্যস্ত তেখেতৰ এটি কুৰ্ত্তা- চোলা কোৰানৰ শ্লোকেৰে ভৰা ৰক্ষিত হৈ তেখেতৰ গুৰুত্তয়াৰাত (Gur- dwara) আছে। এই চুফি সম্প্ৰদায়ে বিশ্বমানৱতাহে স্বীকাৰ কৰে, জাতি- ভেদ নেমানে। এওঁলোকৰ মানত হিন্দু, মুছলমান, খৃষ্টিয়ান একে। তেওঁ- লোকৰ মতে আল্ল! এক, নিৰবচ্ছিন্ন, অপৰিবৰ্ত্তনীয়; গোটেই সৃষ্টি তেওঁৰেই বিকাশ মাত্ৰ (The sufis believe in Allah as the Absolute, the only Being; and that all creation is the manifestation of His Nature). ওপৰত কৈ অহা হৈছে যে ইছলাম যেতিয়া আহি পাৰ্যত সোমালহি, তেতিয়! লাহে লাহে আৰ্য ভাৱাপন্ন হবলৈ ধৰিলে আৰু যেতিয়া ভাৰতলৈ আহে তেতিয়া এই আৰ্যভাৱাপন্ন হৈহে আহিছিল। যদিও ছেমিটিক ভেজ- ম্বিতা বহুপৰিমাণে হেৰুৱাই আহিছিল কিন্তু সৌন্দৰ্য হেৰুৱা নাছিল। এই একেশ্বৰ বাদী ইছলাম ভাৰতত সোমোৱা অবধি হিন্দুসকলৰ মনৰ ভাৱ আৰু চিন্তাৰ গতি লাহে লাহে পৰিবৰ্ত্তন হবলৈ ধৰিলে আৰু বহুতে এই ধৰ্ম্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। ৰক্ষণশীল হিন্দুসকলে বিশেষকৈ ব্ৰাহ্মণ- সকলে প্ৰমাদ গণিলে আৰু জাতিভেদৰ নিয়ম আৰু কটকটীয়া কৰিলে। মুছলমানক স্লেচ্ছ নাম দি শূভ্ৰতকৈ অধম দেখুৱালে। কিন্তু উদাৰ মতাবলম্বী সকলৰ ভিতৰত কেইগৰাকীমান সাধু পুৰুষৰ অৰ্থাৎ সন্ন্যাসীৰ আবিৰ্ভাৱ হল আৰু জাতি ভেদৰ বিপক্ষে মত প্ৰকাশ কৰিবলৈ ধৰিলে আনকি বামুন শূদি- বৰ ভিতৰত কোনো ভেদাভেদ থাকিব নোৱাৰে বুলি কবলৈ ধৰিলে। ঈশ্বৰ