পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইছলাম আৰু ভাৰতীয় ধৰ্ম্ম আৰু কৃষ্টিৰ সমম্বয় তেনে কৰা হলে আজি ভাৰতত শতকৰা ৯০ জন মুছলমান হলহেঁতেন। যি সকলৰ দ্বাৰা ইছলাম ধৰ্ম প্ৰচাৰ লাভ কৰিছিল সেই সকল আছিল সংসাৰত্যাগী স্বধৰ্ম্ম পৰায়ণ পাৰ্যৰ চুফি সকল। আৰ্য মুছলমানে ভাৰত জয় কৰাৰ লগে লগে এই সাধক সকল ভাৰতৰ এমুৰৰ পৰা আন মুৰলৈকে বিয়পি পৰিল। এই চুকি সকলৰ সাধু আদৰ্শ আৰু প্ৰচাৰ কাৰ্য্যই জাতি ভেদত জৰ্জ্জৰিত হিন্দু সকলৰ মন আকৰ্ষণ কৰিলে আৰু অনেকে ইছলাম ধৰ্ম্মৰ ফালে ঢাল লবলৈ আৰু গ্ৰহণ কৰিবলৈ ধৰিলে। মুছলমান পণ্ডিত আৰু সাধক সকলে সংস্কৃত শিকি বেদৰ মৰ্ম্ম বুজিবলৈ ধৰিলে। ৰামায়ণ মহাভাৰত আদি ধৰ্ম্ম পুথি পদস্থ্য ভাষাত ভৰ্জ্জমা হবলৈ আৰম্ভ কৰিলে। হিন্দু সকলেও ৰাজভাযা বুলি পাছি পঢ়িবলৈ ধৰিলে। অৱশেষত উভয়ে উভয়ক জানিবৰ পথ পৰিষ্কাৰ হৈ পৰিল। মুছলমান চুফি সকলৰ লগত হিন্দু সন্ন্যাসী সকলৰ মিন ঘটিল আক এওঁলোকৰ ভিতৰত সদ্ভাব জন্মিবলৈ আৰম্ভ কৰিলে অৰু পৰস্পৰে পৰস্পৰৰ ধৰ্ম্মৰ ওপৰত বিশ্বাস আৰু জীৱনৰ প্ৰতি শ্ৰদ্ধা পোষণ কৰিবলৈ ধৰিলে। কিন্তু পঞ্চদশ শতাব্দীৰ শেষলৈকে এই মিলনৰ বিশেষ ফল দেখা নগৈছিল। এই প্ৰসঙ্গত চুফি সকল নো কোন আৰু কি আছিল তাক অলপ সংক্ষেপে কলে বোধ কৰে। অপ্ৰাসঙ্গিক নহব। “চুফি” শব্দটে! “চফ৷” ধাতুৰ পৰ৷ ওলাইছে। “চফাৰ” অৰ্থ হৈছে নিৰ্ম্মল, পৰিত্ৰ। যি সাধু, সজ্জন যাৰ অন্ধবিশ্বাস, দাম্ভিকতা বা আত্মত্তৰিতা নাই যি কথায় বতৰায়, চিন্তায় ভাবনায়, আচাৰ ব্যৱহাৰে নিৰ্ম্মল বা পৱিত্ৰ সেই সকলেই “চুফি”। চুফি সকলৰ মত “আল্ল! এক, নিৰবচ্ছিন্ন, অপৰিবৰ্ত্তনীয় (Abso- Jute); হুষ্টি তেওঁৰেই বিকাশ মাত্ৰ। এই চুফি সকলৰ গুৰিয়াল হজৰত মহম্মদেই। সৃষ্টিৰ গুঢ়তত্ত্ব সকলোৰে বোধগম্য নহয় বুলি আৰু সকলোৰে জ্ঞানে ঢুকি নেপাব বুলি সকলোকে শিক্ষা দিয়া নাছিল আৰু যি শিক্ষা দিছিল তাকে। গুপ্তভাৱেহে দিছিল। ইছলাম ধৰ্ম্ম ওলোৱাৰ আগৰে পৰা সকলো ধৰ্ম্মতে সকলো ঠাইতে সাধক আছিল, কিন্তু শৃঙ্খলা ভাৱে ক'তো নাছিল। হজৰত মহম্মদে ইয়াৰ শৃঙ্খলা লগাই গঢ়-গতি দি যায় আৰু নিজে ৪০ জন সাধু ধাৰ্ম্মিক পুৰুষ গোটাই “আছহাবে চুফ৷ “নাম দি এটি দল (iystic order) গঠন কৰি দীক্ষা দিয়ে। হজৰতৰ পাছত এই গুৰুতাৰ প্ৰথম খলিফা হজৰত আবুবকৰ চিদ্দিক আৰু হজৰতৰ জোঁৱায়েক ৪ৰ্থ খলিফা হস্তৰত আলিক দি যায়! এখেত সকলেও সেইদৰে তেখেত সকলৰ উত্তৰাধিকাৰী পাতি যায়।

৩১