পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ প্ৰৱন্ধ সংগ্ৰহ এক এই দুই গ্ৰন্থত ৰজাসকলৰ ৰীতি নীতি, যুদ্ধ বিগ্ৰহাদিৰ বৰ্ণন৷ উত্তমৰূপে বৰ্ণোৱা আছে। এই মহাভাৰতৰ যুগতে স্বয়ং ঈশ্বৰে শ্ৰকৃষ্ণ ৰূপ ধাৰণ কৰি অৱতীৰ্ণ হল আৰু নানা বঙ্গী ভঙ্গীৰ মাজেদি নিজকে প্ৰকাশ কৰি গল আক সনাতন ধৰ্ম্ম দি গল আৰু ভগবদ্গীতা দান কৰি গল। কিন্তু বৰ্ণ ভেদত হস্তক্ষেপ নকৰিলে। ব্ৰ. হ্মণসকলৰ প্ৰভাৱ অটুট থাকিলে। অৱশেষত এনেকুৱ৷ হল গৈ যে বেদ কেৱল ব্ৰাহ্মণৰহে সম্পত্তি হল বাকি সকলোৱে বেদ পঢ়া দুৰৈৰ কথা, উচ্চাৰণ কৰিলেও জগৰ লগা হল, শান্তি পাব লগা হল। তিৰোতা মামুহে এই বেদ কেনেবাকৈ শুনিলে কাণত সীহ গলাই কাণৰ বিন্ধা বন্ধ কৰা কথাৰো উল্লেখ পোৱা যায়। দেৱত। আৰু দেবীসকলৰ সংখ্যা বাঢ়িল আৰু সেই অনুপাতে মূৰ্তিপূজা ও তাৰ অনুষ্ঠানাদি বাঢ়িবলৈ ধৰিলে। ফলত আন বৰ্ণৰ মানুহৰ মনত অশান্তি কে অসম্বোষে ঠাই পালে বিশেষকৈ ক্ষত্ৰিয় ৰাজন্যবৰ্গ ক্ষুন্ন হল অ'ৰু ব্ৰাহ্মণ ক্ষত্ৰিস ভিততে বিশেষ ভ'বে অবিয়া অবি চলিবলৈ ধৰিলে। ক্ষত্ৰিয় কুলত বুদ্ধ? জন্ম হল আৰু তেওঁ ৗেদ্ধ ধৰ্ম্ম উলি- মালে। তেনেকৈ মহাবীৰ ওলাল আৰু জৈন ধৰ্ম্ম উলিয়লে। এই দুই ধৰ্ম্মই বেদৰ বাক্যক অজৰ অমৰ বা ধ্ৰুব সত্য বুলি নেযানিছিল মাঝ বেদৰ বিহিত অনুষ্ঠানাদিৰ দ্বাৰ! কিবা মুক্তি লাভ হব পাৰে বুলি ভাবিছিল। এই দুই ধৰ্ম্মই জাতি ভেদ বা বৰ্ণভেদ ঘৃণা কৰিছিল। জীৱ হত্য। মহা পাপ, অহিংসা পৰম ধৰ্ম্ম, মানুহৰ কৰ্ম্মানুযায়ী আত্মাৰ পুনৰ্জন্ম হয় বুলি প্ৰচাৰ কৰিবলৈ ধৰিলে। কেবাজনো ৰজাই বৌদ্ধ ধৰ্ম্ম গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ সহা- যুত ঠন ধৰি উঠিল আৰু ৫০০ মান বছৰ ধৰি গোটেই ভাৰতত বিশ্বপি পৰিল। তাৰ পাছত আৰু টিকিব নোৱাৰিলে। ব্ৰাহ্মণ্য ধৰ্ম্মই আকৌ মূৰ ডাঙি উঠিল। শেষত বৌদ্ধ ধৰ্ম্মই টালি টোপোলা বান্ধি ভাৰতবৰ্ষ এৰি থৈ গল আৰু আন আন দেশত ঠাই ললেগৈ আৰু জৈন ধৰ্ম্মই ভাৰতৰ এচুকত হেৰপেট মাৰি ৰল গৈ। এই দুই ধৰ্ম্মই বৃদিও ব্ৰাহ্মণসকলৰ প্ৰভাৱ কমাব নোৱাৰিলে তত্ৰাচ ব্ৰাহ্মণসক'ৰ ধৰ্ম্মৰ বহুতো পৰিবৰ্ত্তন, ঘটালে। বৈদিক যুগৰ দেৱতাসকল অতীত স্মৃতিত মাৰ গল আৰু তেওঁলোকৰ ঠাইত নতুন দেৱ-দেৱী স্থাপিত হল। এইসকল দেৱতাৰ ভিতৰত ঘাই হল ব্ৰহ্মা, বিষ্ণু আৰু শিৱ। নান৷ মঠ মন্দিৰ তৈয়াৰ হবলৈ ধৰিলে আৰু পুৰাণৱ সৃষ্টি হল, আৰু এই ৰকমে বেদৰ সংখ্যা বাঢ়ি আহিবলৈ ধৰিলে। ৰীতি নীতি, আইন কাহনৰ “স্মৃতি” নামেৰে থি ওলাবলৈ ধৰিলে।