পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ দিলে। ওচৰ চাপৌতে ঘোড়াৰ চেচেয়নী শুনি বৰকাথ আৰু তেওঁৰ লগৰীয়৷ কেজন পলাবলৈ ধৰোঁতেই জহৰ ৷ নামে এজনে ওচৰ চাপি মাত লগাই কলে, “বৰকাথ আপুনি পলাব নালাগে, আপুনি আত্মসমর্পণ কৰক, আপোনাৰ জীৱন ৰক্ষাৰ বাবে মই দায়ী।” এই জহৰ থ! পূৰ্ব্বে পরীক্ষিত নাৰায়ণৰ সেনাৰ এজন নায়ক আছিল আৰু তেওঁ বৰকাথক ভালকৈ জানিছিল । এই জন পৰিচিত লোকে আশ্বাস দিয়া স্বত্বেও বৰকাথে হাতত থকা বশাৰে জহৰথাক জখম কৰিলে । আহত হৈও জহুৰখাই আকৌ বৰকাথক ভালেৰে কোৱাতো বৰকাথে পুনৰ্ব্বাৰ জহৰথাক আক্রমণ কৰাত জহৰখাই তৰোৱালেৰে বৰকাথৰ মুৰত আঘাত কৰিলে আৰু সেই আঘাততে বৰকাথ অজ্ঞান হৈ মাটিত পৰিল। তেতিয়া বঙ্গালে বৰু- কাথক বান্ধি পেলালে আৰু হাতীত তুলি মির্জ্জাৰ ওচৰলৈ লৈ গল । তেওঁ মির্জ্জাৰ শিৱিৰ পাওঁতেই মিৰ্জাৰ সেনানী বিলাকে চিঞৰি উঠিল “The True Lord has fulfilled your desire. The man who was responsible for the defeat of all these armies has been made a Cap tive. It is proper that you should offer thanks to God and put on your turban again." * মির্জ্জাই নিজে বরকাথক হাতীৰ পৰা নমাই তেওঁৰ বান্ধ সোলোকাই তেওঁক শুশ্রুষ৷ কৰিলে আৰু তেওঁ নিজে থকা ঘৰৱ এথোটালি বৰকাথক দিলে। ইয়াৰ কিছুদিন পাছত বৰকাথৰ ঘা শুকাই তেওঁ লৰচৰ কৰিব পৰ৷ হোৱাত তেওঁৰ লৰ৷ তিৰোতা আনিবলৈ খবৰ পঠোৱা হল। বৰকাথৰ ডাঙ্গৰ লৰ' বাগলা (Bagla) বগীনাৰায়ণৰ লগতে বল কিন্তু বাকী চাৰিটা সুতেকক লৈ বৰকাথৰ ঘৈণীয়েক মির্জাৰ শিবিদ পালেহি । মির্জ্জাই তেতিয়' বৰকাথক সম্পূৰ্ণৰূপে মুক্ত কৰি মোগলৰ শৰণীয়৷ অন্য হিন্দু জমিদাৰ বিলাকৰ নিচিনাকৈ তেওঁক পদবী আৰু পোচাক দি দক্ষিণ কুলৰ ২০ খন মৌজা জায়গীৰ স্বৰূপে দিলে। এই সম্বাদ চুবাদাৰে পাই বৰ আনন্দেৰে মিৰ্জালৈ ঢাকাৰ পৰা নান৷ উপহাৰ পঠালে । মির্জ্জ। তেতিয়! ৰাণীহাটত আছিল । বৰকাথৰ পৰামৰ্শ মতে পূৰ্ব্বে তেওঁ কিছুমান সৈন্য হেঙ্গৰাবাৰীলৈ পঠাইছিল। ঢাকাৰ পৰা উপহাৰ আহি পোৱাত সেখ কামাল প্রভৃতিয়ে মির্জাক পাণ্ডুলৈ মাতি নিলে। তেতিয়া সত্রাব্জিতে তলে তলে গুপ্তচৰ পঠাই বৰকাথক উদগাই তেওঁৰ হতুৱাই আহোম গোহাই সকললৈ খবৰ দিয়ালে যে মির্জ্জা পাণ্ডুত থাকোঁতেই হেঙ্গৰাবাৰীৰ

  • -Baharisthan-i-Ghaybi Vol. IIP616.