পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুমক বৰকাথ সিংহক অনুনয় বিনয় কৰি জনালে “আমিহে মিৰ্জ্জাক কামৰূপত ৰাখি আছো, আমাক চূৰ্ণ কৰিব পাৰিলে অহা বছৰলৈ মিৰ্জ্জাই নিশ্চৰ অসম আক্ৰমণ কৰিব।” ইয়াকে শুনি মহাৰজাই ৮০ হেজাৰ পদাতি সৈন্যৰে হাতী বৰুৱাক পঠালে৷ তেওঁৰ লগত খাৰঘৰীয়া ফুকন আৰু ৰাজখোৱাও গল। ইতিমধ্যে যদুনায়কে। দেশদ্ৰোহী গোবিন্দ লঙ্কৰৰ গাওঁ আক্ৰমণ কৰা খবৰ পাই গোবিন্দই মিৰ্জ্জাৰ পৰা কিছুমান সৈন্য লৈ নিজৰ ঘৰ-বাৰি ৰক্ষা কৰিবলৈ গৈ এটা কোঠ বান্ধিলে। যদুনায়কে এই কোঠ আক্ৰমণ কৰি গোবিন্দক পৰাস্ত কৰিলে আৰু তেওঁৰ মুৰ কাটি লৈ গল। গোবিন্দ লস্কৰে দেশ-দ্ৰোহিতাৰ ফল হাতে হাতে পালে। অসমীয়া সৈন্যই এইবাৰ মিৰ্জাক ভালকৈ বেঢ়ি ললে। মিৰ্জ্জাৰ বিব- ৰণমতে সুমৰু বৰকাথেই ঘাইকৈ অসমীয়া সৈন্য পৰিচালনা কৰিছিল, কাৰণ তেওঁ সেই ঠাইবিলাক ভালকৈ জানিছিল। অবশেষত বহুত যুদ্ধৰ পাছত মোগলৰ কেণ্ঠ অসমীয়া সৈন্যৰ অন্তৰ্গত হল। মিৰ্জ্জাই নিজৰ লৰা-তিকতা আগেয়ে হাতীৰে পলুৱাই পাত নিজে কোঠ এৰি পলাল। তেওঁৰ প্ৰায় চাৰি ফুড়ি লিগিব৷-লিগিণীয়ে পলাব নোৱাৰি “জৌহৰ” অৰ্থাৎ আত্মহত্যা কৰিলে। অসমীয়া সৈন্যই খেলা দি মিৰ্জ্জাক ধৰিব নোৱাৰিলে, তেওঁ নাওৰে দক্ষিণকুল ভৰি শুৱালকুছিলৈ পলাল। বলীনাৰায়ণ আৰু সুমৰু-বৰ-কাথৰ আকৌ আশাৰ সঞ্চাৰ হল। মিৰ্জ্জ৷ই উত্তৰঙ্কুললৈ গৈ সৈন্য গোটাবলৈ ধৰিলে আৰু চুবাদাৰেও ঢাকাৰ পৰা তেওঁৰ সাহালৈ সৈন্য পঠালে। চুবাদাৰৰ আদেশমতে কোচ বিহাৰৰ পৰাও কিছু সৈন্য মিৰ্জ্জাৰ সাহায্য লৈ আহিল। এই নতুন সৈন্যদল লৈ মিজ্জাই আকৌ উত্তবকুলৰপৰা পাৰ হৈ নগৰবেৰ৷ পালে। তাৰপৰা যদুনায়কৰ কোঠ দখল কৰি তেওঁ মিনাৰী পালেহি। সেই সময়ত কলঙ্গৰ মুখৰ ওচৰত হেঙ্গৰাবাৰী নামে ঠাইত বলীনাৰায়ণ, সুমৰু বৰকাথ আৰু আহোম গোঁহাই- বিলাক আছিল। মিৰ্জ্জ। মিনাৰী পালেহি এই খবৰ পাই সুমৰু বৰকাথে বিলম্ব নকৰি মিনাৰীৰ ওচৰত কোঠ দিলেহি। তালৈকে অসমীয়৷ সৈন্যবিলাকে| আহিলত যুদ্ধ আকৌ আৰম্ভ হল। এই বাৰ যুদ্ধত মিৰ্জ্জ। জয়ী হল। এইবাৰ বৰ- কাথক ধৰিবলৈ বিশেষ যত্ন কৰি গিৰ্জ্জ।ই চাৰিওফালে খেদ! পঠালে। মন্ত- আলি নামে এজন মিৰ্জ্জাৰ অনুচৰে বৰকাথৰ সেনানী এজনক ধৰি কাটিব খোজাত প্ৰাণৰ ভয়ত সেই সেনানী জনে বৰকাথ লুকাই থকা ঠাইডোখৰ দেখুৱাই >>