পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সঃ গ্ৰহ কৰিলে, কিন্তু ৰংজুলীৰ কোঠ অধিকাৰ কৰা শকত হল। মিৰ্জ্জাই ৪০০০ হেজাৰ গাৰো চিপাহী নতুনকৈ ভৰ্ত্তি কৰি বৰকাথৰ ৰংজুলীৰ কোঠ আক্ৰমণ কৰিলে। সুমৰু বৰকাথ নিজে কোঠৰ ভিতৰত থাকি যুদ্ধ চলাইছিল। "Shumaruyed Kayeth the head (i. e. the brain) and the chief of the garrison was staying within the fort. He defended the fort and the battle was equally balanced. The besiegers pressed the siege with all their might and endeavoured to break open the fort. The dead lay one upon another in heaps but it was of no avail. Such a terrible battle was fought that owing to the heavy showers of arrows from both sides the birds of the air could 529 )। ইমান not fly ( Baharisthan-i_Ghaybi vol. II p. ১৮ তয়া-ময়া ৰণ কৰিও সুমৰু বৰকাথৰ কোঠ অধিকাৰ কৰিব নোৱাৰি যোগল বিলাকে চাৰিওফালৰ গ'ওঁবিলাক লুট-পাট কৰিলে কাৰণ এইবিলাক গাওঁৰ পৰাই বৰকাথে তলে তলে ৰচদ্ পাইছিল। পিছত বৰকাথৰ সাহায্যৰ নিমিত্তে বলীনাৰায়ণে দুহেজাৰ সৈন্যৰে সৈতে গোবিন্দ লস্কৰক পঠাই দিলে। দুৰ্ভাগ্য- ক্ৰমে মিৰ্জা নাথুলাই গোবিন্দ লস্কৰক হাত কৰিলে আক এওঁ দেশদ্ৰোহী হৈ মোগলৰ ফলীয়া হল। তেতিয়া সুমক বৰকাথে উপায়ান্তৰ হৈ পলাবৰ দিহা কৰিলে। কোঠ অবৰোধ কৰাৰ ৪২ দিনৰ পাছতো মোগলবিলাকে যুদ্ধ কৰি কোঠ লব নোৱাৰিলে। ৰাতি মোগলবিলাকে গন নোপোৱাকৈ বৰকাথ আৰু তেওঁৰ লগৰ এটাইবিলাক সেনা কোঠ এৰি পলাল। পিছত যোগলবিলাকে সাৰ পাই উঠি দেখে যে কোঠৰ ভিতৰত কোনো নাই। তেতিয়া তেওঁ- লোকে খেদা দি বকাথক বাটত দুই পৰ্ব্বতৰ মাজত লগ পাইও ধৰিব নোৱাৰিলে। তাৰ পাছত গোবিন্দ লস্কৰৰ সহায়ত মিৰ্জ্জ। নাথুলাই এঠাইত বলীনাৰায়ণক বেঢ়ি ধৰিলে। উভয়পক্ষৰ সৈন্যৰ মাজত যুজ লাগোতে সেই সুবিধাতে বলীনাৰায়ণ পলাই সাৰিল, কিন্তু তেওঁৰ লৰা-তিকতা আৰু বস্তু- বাহানি মিৰ্জ্জাৰ হস্তগত হল। বলীনাৰায়ণে পলাই আকৌ আহোম ৰাজ্যত আশ্ৰয় কলেগৈ। ইয়াৰ পাছত মিৰ্জাই আকৌ এবাৰ সুমৰু বৰকাথক লগ পাইও ধৰিব নোৱাৰিলে। তাৰ পাছত মিৰ্জ্জাই পৰশুৰামক ধৰি বন্দী কৰিলে। ইতিমধ্যে বলীনাৰায়ণ, সুমৰু বৰকাথ প্ৰভৃতিয়ে গৈ আকৌ মহাৰজা প্ৰতাপ-