পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

—জাগে আজি পুৰোহিত ভবিষ্যৰ আলো অন্ধকাৰ মিলি, সৃষ্টি প্ৰহেলিক। সম্মুখত অগ্নি শিথা উঠে জ্বলি, প্ৰলয় দেৱতা কবে মহাধ্বনি, বিশ্ব চৰাচৰ, আকাশ, বতাহ ভেদি হয় নিনাদিত, আজি জাগে পুৰোহিত! উল্কা-বজ্ৰ-বৃষ্টি, ধুমুহা গৰ্জন, হিয়া মানৱৰ আতঙ্কত আজি, উঠে কঁপি ঘনে, সত্য-আশা-শান্তি ধ্বংশ গৰ্তে নিমজ্জিত, আজি জাগে পুৰোহিত! অন্ধ অতীতৰ চিন্‌ চাব, নাই, প্ৰলয় পয়োধি নাই পাৰাবাৰ, আৰ্ত্তনাদ আৰু মহা-আলোড়ন, অমঙ্গল অগণিত, আজি জাগে পুৰোহিত! একোকে নমনি, এই বৰ্ত্তমান, অস্থিৰ চঞ্চল, দৃষ্টি হয় মহাভীত, আজি জাগে পুৰোহিত! ধ্বংস যজ্ঞ আজি প্ৰায় সমাহিত, দীপ্ত সুৰে বাজি উঠে শঙ্খনাদ, নৱ অভিযানে দিয়ে মুক্তি জান, অনাগত প্ৰপীড়িত, আজি জাগে পুৰোহিত! কোলাহল শুনা শুদূৰ মাৰ্গত, ৰণ ভঙ্গ দিলে দত্ত দল, সাম বেদ গান জগত কাই হয় হট মুখৰিত, আজি জাগ্ৰত পুৰোহিত।