পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুমৰু বৰকাথ পলৰীয়া সৈন্যক যিমান পাৰে উদ্ধাৰ কৰি আকৌ হাজোত গোট খুৱাই চুবা- দাৰলৈ খবৰ পঠালে। এই সুবিধাতে সনাতনে বৰনগৰৰ মোগল কোঠ আক্ৰমণ কৰিলে আৰু ৰাণীৰ ৰজাই ৰাতি পাণ্ডু আক্ৰমন কৰিলে। ইয়াৰ পিছত ডিমৰুৱাৰ ৰজা আৰু কোচ ৰজা পৰীক্ষিপ্তৰ ভায়েক বলীনাৰায়ণ আৰু দক্ষিণ কুলীয়া ১৮ জন দাতিঘলীয়া ৰজা আহি মহাৰাজৰ শষণ ললেছি। মহাৰাজাই বলী কোঁৱৰক ধৰ্ম্মনাৰায়ণ নাম দি দৰঙ্গত ৰজা পাতিলে। ইং ১৫৩৮ শকৰ আহিন মাহৰ কথা। “আৰু পুনৰ্ব্বাৰ দক্ষিণ কুলীয়া, উত্তৰ কুলী! ঢেকেৰীয়ে ৺ তাঁক উদ্যম কৰালেহি বোলে স্বৰ্গদেৱ মহাৰাজ, আমি যতেক ঢেকেৰী আছে৷ সমন্তকে ৰাজা পৰীক্ষিতে তোমাৰ দুই পাৱৰ তলত দি গৈছে আৰু বুলিলে “আৰ যত কোঁৱৰ কুঁৱৰী আৰু যত বালেক আছে সবাৰো দেৱ কুটুম্বৰ ঠাইতহে ভাত, আন ঠাইত ৰক্ষ। নাই।” এখন স্বৰ্গদেৱে যদি আজ্ঞা কৰে হাজোত যিব৷ বঙ্গাল খিনি আছে তাক ধৰিবাক প্ৰতি, আমাকে আৰু ভ দেৱৰ লোকজনকো পাঞ্চোক, দেৱৰ লোকক পাছ কৰি আমি আগ হৈ ধৰিম গৈ। এতেকে উত্তৰ কুল দক্ষিণ স্কুল ৺ তাৰ হব” (বুঞ্জী ) মহাৰাজাই এই কথাতে সন্মত হৈ আঘোণত তিনিওজন ডাঙ্গৰীয়াক সৈন্য সমন্বিতে হাজোৰ ফালে পঠাই দি নিজে আকৌ চামধৰাত বলহি। বলীনাৰায়ণ আৰু তেওঁৰ ঘাইনায়ক সুমৰু বৰকাথ নিজ সৈন্যৰ সৈতে অসমীয়া সেনাৰ লগত গল। মিৰ্জ্জানালাব বিবৰণ মতে একলাখ পদাতি সৈন্য লৈ থকবক বুঢ়া গোহাই হাজোৰ পৰ্ব্বত্তৰ উত্তৰ ফালেদি কুলিজখাৰ বিৰুদ্ধে আগণঢ়িল, দুইলাখ পদাতি আৰু ১৮০ ট৷ হাতীলৈ হাতীবৰুৱা, বলীনাৰায়ণ আৰু মেক বৰকাথ এওঁলোকে সেখ কামালক আক্ৰমণ কৰিলে আক ৰাজখোৱা, খাদঘৰীয়া ফুকন প্ৰভৃতিয়ে দক্ষিণে ৪০০০ নাওৰে আগ বাঢ়িল আৰু তাৰে ১০০০ নাও যোগল ফৌজৰ পিছ ফাল হৈ পলোৱাৰ বাট ভেটিলে। মিৰ্জ্জানাথুলাই লিখিছে যে চিকাৰীবিলাকে বনৰীয়া জন্তুক ধৰিবলৈ যেনেকৈ জাল পাতে সেই প্ৰকাৰ অসমীয়া সৈন্যই যোগল সেনাক বেঢ়ি ধৰিলে ( In short tho Imperial army was braught to bay like games in a hunt. ) *

  • এইবিলাক মানুহৰ অনুমান সুমৰু বৰ কাথেই মুখীয়াল আছিল। পৰীক্ষিৎ ৰজাৰ

ডনীয়েক মঙ্গলদৈক মহাৰাজা প্ৰতাপ সিংহলৈ বিবাহ দিয়া হৈছিল, সেই বা বই মহাৰাজাক “দেৱ-কুটুম্ব” বুলি উল্লেখ কৰা হৈছে।

  • Baharisthani Ghaibi vol IIp 488.

এই বিবৰণত দিয়া অসমীয়া পদাতি সৈন্য, হাতী আৰু নাওৰ সংখ্যা অতিবঞ্ছিত যেন অনুমান হয়। বুৰঞ্জীত কোনো সংখ্যা দিয়া নাই।