পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি পৃথিবীত কতো নাই। পৃথিবীৰ সকলে৷ সভ্য দেশেই আমাৰ দেশতকৈ ধনী অথচ তেওঁলোকৰ বেতনৰ হাৰ কন আৰু আমি যাৰ দৈনিক আয় /৮ পাই, আমাৰ বেতনৰ হাৰ বেচি। ই অন্বায়ৰ চুৰান্ত। সাহিত্য সভাৰ পত্ৰিকালৈ লিখা বাবে মই বাধ্য হৈ ইয়াতেই এই আলোচনাৰ শেষ কৰিলোঁ। ( ২ ) দ্বিতীয় উপায় গবিৱৰ খাজানা কমাত যি ৰাজহ আমাৰ কমে তাক তুলিব লাগিব— আমি ধনী আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰা। কাৰণ, আমি দেখুৱাই আহিছো তেওঁলোকৰ ওপৰত কৰৰ বোজা অতি কম। (৩) আমি জমিদাৰী প্ৰথা দূৰ কৰিব নোৱাৰিলেও আইনতঃ আক ন্যায্যতঃ তেওঁলোকৰ আয়ৰ ওপৰত কৰ বহুৱাব পাৰোঁ। তেওঁলোকৰ বছৰি আয় ৮৭ লক্ষৰ ওপৰত যদি আমি কৰ বহুৱাওঁ তাৰ পৰ৷ অন্ততঃ ১০ লক্ষ টকা বছৰি পোৱা হয়। (8) তেনেকৈ চাহ খেতিয়কৰ মাটিৰ খাজানা বাবদ আয়ৰ ওপৰত কৰ বহুৱাব লাগে। তেওঁলোকৰ মাটিৰ থাজানা লাভ হয় ২১ কৰ বহুৱালে তাৰ পৰা প্ৰায় ২৷ আঢ়ই লক্ষ টক| পোৱা যায়। লক্ষ টকা। (৫) চাহ খেতিৰ আয়ৰ ৭৫ ভাগ বৰ্তমানে খেতিৰ আৱ বুলি বাদ দিয়া হয়। এইফাকি ভাঙিব লাগে তাৰ ওপৰত কৰ হব লাগে। (৬) যি বোৰ মধ্যবিত্ত মানুহে বিনা কৰে সকলো উপভোগ কৰি আছে তেওঁলোকৰ ওপৰত উপযুক্ত কৰ বহুৱাব লাগে। ( ৭ ) ৰাজহ যিমানে বাঢ়ে সিগানে খৰচ হয় শাসন আৰু পুলিচ বিভাগত। এই দুৰ্নীতি ৰোধ কৰিবলৈ নতুন কব যিবোৰ বহুৱা হয় তাক সদায় car mark কৰি লগাব লাগে। যেনে education less, road less, medical less ইত্যাদি ৰূপে। খাজানাৰ তাৰতম্যলৈ আমি আগতে কৈ আহিছোঁ। এটা কথালৈ চকু দিয়া হোৱা নাই। সেইটো হৈছে এই যে আমাৰ ভালেখিনি মাটি চিৰস্থায়ী বন্দবস্তুত আক ভালে খিনি খাচ। ইয়াৰ ফল হৈছে এই যে খাঁচ বিলাকৰ ওপৰত খাজানাৰ বোজাই: হেচি ধৰিছে। এতিয়! জমিদাৰৰ খাজানা আমি বঢ়াব নোৱাৰে। স’চা; কিন্তু আমাৰ খাজানা কথাই দিব পাৰোঁ। আৰু সেই জমিদাৰে ৰায়তৰ খাজানা কমাবলৈ বাধ্য হব। তেনে হলে এই ব্যৱধান গুচে। তাৰ পিচত যি খিনি ৰাজহ কম পৰে তাক $ 'আমি মানুহৰ আয়ৰ অনুপাতে আদায় কৰিব পাৰে। মাটিৰ থাজানা কমিলে চৰকাৰ নচলা কথা সম্পূৰ্ণ অলীক ভীতি (bug-bear )। বঙ্গদেশে মাটিৰ খাজানা শতকৰা ৪ ভাগে নাপায় অথচ F