পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি ১১৫ আমাৰ অসম চৰকাৰৰ আয় ব্যয়লৈ চাওক: — অসম গবৰ্ণমেণ্টৰ বৰ্ত্তমান আয় ৬৪ ভাগ হয় টেক্সৰ দ্বাৰা আৰু ২৪ ভাগ হয় কেন্দ্ৰীয় চৰকাৰৰ দানৰ দ্বাৰা, আৰু বাকী ১২ ভাগ অন্যান্য উপায়ৰ দ্বাৰা। চহৰৰ — মিউনিসিপাল টেক্স মিউনিসিপালিটিৰ ভিতৰতে খৰচ হয়। গতিকে তাৰ লাভ লোকচানো সম্পূৰ্ণ চহৰৰ মানুহৰ। তেনেকৈ লোকেলবোৰ্ডৰ আয় হয়—গাড়ীৰ টেক্স, লোকেল ৰেট, হাট, ঘাট আদিৰপৰ৷ আৰু সিও নিজৰ ভিতৰত খৰচৰ বাবে। খাজানাৰ পৰা হোৱ৷ আয়ৰ ৬০ ভাগ দিয়ে গৰিবে আক ৪ ভাগ দিয়ে ধনীয়ে। উক্ত ৬৪ ভাগব ৪০ ভাগ হৈছে কেৱল মাটিৰ খাজনা। সমুদায় মাটিৰ থাজানাৰ শতকৰা ৫২ ভাগ আহে চিলেট কাছাৰৰ পৰ।, ৪ ভাগ আহে গোৱালপাৰাৰ পৰ৷ আৰু ৯০২ ভাগ হয় গোৱালপাৰা ভিন্ন অসমৰ অইন জিল৷ কেইথনৰ পৰা৷ অৰ্থাৎ কবলৈ গলে এই বুজায় যে সমগ্ৰ মাটি ৰাজহৰ ১০ দহ ভাগৰ ৯ নভাগ দিয়ে কেৱল অসমৰ কামৰূপ, নগাওঁ, দৰঙ্গ, শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাৰ খেতিয়ক সকলে। ইয়াৰ দ্বাৰা এইটো নুবুজায় যে, শ্ৰীহট্ট আৰু গোৱালপাৰ৷ জিলাৰ খেতিয়কে কম খাজানা দিয়ে। প্ৰজাই খাজানা দিয়ে ঠিকেই কিন্তু মাজতে ভক্ষণ কৰে উক্ত জিলাৰ জমিদাবসকলে। এই জমিদাব সকলৰ লগত চৰকাৰৰ ৰাজহৰ চিৰস্থায়ী বন্দবস্ত গতিকে তাক বঢ়াবৰ উপায় বৰ্ত্তমানত নাই। এতিয়া চোৱা যাওক ইয়াৰ পৰা চৰকাৰৰ লোকচান হৈছে কিমান। অসম উপত্যকাত ৰায়তৰ মাটিৰ খাজানা একৰে গড়ে ২৪৬ পাই। এতিয়া চিলেটৰ চিবস্থায়ী মাটি আছে ২৩,৯৯,৯৩২ একৰ আৰু অসম উপ- ত্যকাৰ খাজান৷ হিচাপে খাজানা পালে চৰকাৰে পালেহেঁতেন ৬১,৭৪,৭০২ টকা কিন্তু জমিদাৰৰপৰ৷ এতিয়৷ পায় মাত্ৰ ৩,৫৯,৩৮২, অৰ্থাৎ বছৰি ৫৮,১৫,- ৩২০ টক। কম। গোৱালপাৰাত চিৰস্থায়ী মাটি আছে ১৫, ১৮, ৯৮২ একব আৰু অসম উপত্যকাৰ ৰায়তৰ খাজনা অনুপাতে খাজনা পাব লাগে ৩৮,৫৫,৭২৩- টক। কিন্তু পায় মাত্ৰ ১১,৪২৩, টকা অৰ্থাৎ বছৰি ৩৮,৪৪, ৩০০০ টকা কম পায়, নুঠতে এই চিৰস্থায়ী বন্দৱন্তৰ পৰা অসম চৰকাৰৰ বছৰি ৯৬,৫৯,৬২০ টকা লোকচান হৈছে। যদি আদায়ণ কৰা খৰচ বুলি শতকৰা ১০ টকা বাদ দিয়া যায় তেনেহলেও মুঠতে ৭ লক্ষ টক৷ চিৰস্থায়ী বন্দবস্তুৰ কাৰণে অসম চৰ্কাৰৰ বছৰি হানি হৈছে।