পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ প্ৰৱন্ধ-সংগ্ৰহ এই বিভাগ বিশেষকৈ দৰ্কাৰ কৰ বহুৱাত। কাৰণ দুখীয়া অৱস্থাৰ আৱশ্য- কতাৰ ওপৰত কৰ বহুৱা মানে মানুহজনক লঘোণ পেলোৱা বা উলঙ্গ কৰা। উন্নতি কাৰক অভাবতে কৰ বহুৱালে উন্নতিত বাধা জন্মে। গতিকে যিমান পৰা যায় কৰ বহুৱাব লাগে আমাৰ বিলাসৰ অভাবত। নেয়ে হলে আমাৰ কৰ হব লাগে ধনীৰ ওপৰত যাৰ বিলাসৰ ওপৰত খৰচ বেছি। যিজনে দুখীয়া অৱস্থাৰ আৱশ্যক বস্তু থিনিও মোকোলাব নোৱাৰে তেওঁ কৰৰ পৰ৷ অব্যাহতি পোৱা উচিত। তাকে নকৰি আৰু নাভাবি নিচিন্তি কৰ বহুৱাৰ ফল হৈছে দিনে ১২০ হেজাৰ মানুহ লঘোণ পেলোৱ৷ আৰু উপযুক্ত খাদ্য বস্ত্ৰাদিব অভাৱত দুৰ্দ্দশ৷ প্ৰাপ্ত লোকসকলক আলাই আথানি হৈ মৰিবলৈ দিয়া। আমাৰ দুৰৱস্থাৰ উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হৈছে, আয় বৃদ্ধি কৰা, আৰু খৰচ কমোৱা। কিন্তু এই এটা প্ৰকাণ্ড জনসমুদৰ আয় বৃদ্ধি কৰা সহজ কথা নহয়। প্ৰত্যেকৰ এগয়চাকৈ বছৰি আৰ বঢ়াব লাগিলেও অসমত, ১৫৫ হাজাৰ টকাৰ আয় হব লাগে। আৰু এপৰচাকৈ খৰচ কমাব পাৰিলেও সিমান টৰু৷ কমে। ই কোনো গাইগুটীয়া মানুহৰ কাম নহয়। নিজ নিজ চেষ্ট। সকলোৱে কৰিব পাৰে, কিন্তু আমাব আজি যি অৱস্থা সি গাইগুটীয়া পুৰুষাৰ্থৰ অতীত। · উৎকট বেমাৰত বহুদিন ভুগা বেমাৰী এজনে যেনেকৈ নিজ সামৰ্থ্যত উঠিব নোৱাৰে তেনেকৈ ইমান দিন কেৱল শোষিত আৰু দলিত এই জাতি আজি এনেকৈ সেও হৈ পৰিছে যে সি হাজাৰে চেষ্টা কৰক দিনক দিনে পৰিহে যাব। এই গৰি যাবলৈ ধৰ৷ এটি জাতিক তুলিবলৈ গাত লব লাগে চৰকাৰে। কছিয়াতে৷ সমুদ্ৰগ্ধ ভাৰ লৈছে চৰকাৰে। খেতিক সম্পূৰ্ণৰূপে যান্ত্ৰিক ( Mechanised ) কৰি তুলিছে। তাত আগেয়ে ঘোৰাৰে হাল বাইছিল এতিয়া চৰকাৰে খেতিৰ সমুদয় কাৰ্য্যকে কলৰ দ্বাৰ। চলায়, আৰু সমুদয় খৰচ কৰে চৰকাৰে; তাৰ ফলত আজি তেওঁলোকৰ শস্য উৎপন্ন অনেক গুণে বৃদ্ধি হৈছে। কছিয়াৰ বাদে আন দেশলৈ চালেও দেখা যায় খেতিয়কৰ উন্নতিৰ ভাৰ লৈছে প্ৰকৃততে চৰকাৰে। প্ৰায় প্ৰত্যেক দেশতেই এনে এটি দিন আহিছিল—যেতিয়া খেতিয়ক সকলৰ অৱস্থা হবে। মৰে। হৈ উঠিছিল কিন্তু চৰকাৰে তাক যত্ন কৰি উন্নত কৰিছে। এনে ডাঙৰ সমস্যা এটা সমাধানৰ ভাৰ চৰকাৰে বললে আনে লোৱাটো সম্ভৱ নহয়। এতিয়া