পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
প্ৰৱন্ধ-সংগ্ৰহ

খন আঠুৱাৰ অভাৱ, হয়তো কুইনাইন কিনিবলৈ দুই অনা পয়চাৰ অভাৱ। যি দেশত দুঅনা খৰচ কৰিব নোৱাৰি বা এটকাৰ এখন আঠুৱা কিনিব নোৱাৰি মানুহ মৰে – ৪ মিনিটও একোজনকৈ সেই দেশত অৰ্থৰ সমস্যাৰ বাহিৰে আন কিবা সমস্যা আছেনে?

 অসমত ২৯ হাজাৰ ৬শ মানুহে ভিক্ষা কৰি খায়, ১২০০ শ জন শিক্ষিত ডেকাই কাম নাপাই ঘূৰি ফুৰে; ১৯৩৪–৩৫ চনত ২৫৯৮ ঘৰ মানুহৰ খাজনাৰ বাবে ভেঁটি উছন হৈছে।

 ইয়াতেই আমাৰ দুৰৱস্থাৰ শেষ হোৱা নাই। ১৯২৯ চনত খেতিয়ক সকলৰ ধাৰ আছিল ২২ কোটি, ১৯৩৭ চনত সেই ধাৰ হৈছে ৪৪ কোটি- অৰ্থাৎ ৮ বছৰৰ ভিতৰত তাৰ পৰিমাণ ঠিক দুগুণ হৈছে। আৰু প্ৰত্যেক পৰিয়ালৰ ধাৰ হৈছে ৪৮৲ টকা। এই হিচাপ অনা হৈছে Reserve Bankৰ ১৯৩৭ চনৰ ৰিপোৰ্টৰ পৰা। চৰকাৰী Money lender আইন- মতে ধৰিলেও ৪৮৪৲ টকাৰ সুত ৯০৸০ অনা হয়। আমি পিচত দেখুৱাম যে বৰ ভাল খেতি হলেও বৰ্তমান অৱস্থাত এজন খেতিয়কে তাৰ পৰি- য়ালৰ জীৱ কেইটা হাড়ৰ ভিতৰতো ৰখা টান। তদুপৰি যি দেশত প্ৰত্যেক দিনে ১২০ হাজাৰ মানুহ লঘোণ পৰে — যি দেশত ৵০ অনাৰ কুইনাইন অভাবত মানুহে পৰিয়াল পুহি ৰজাৰ খাজনা দি, ৯০৬৸০ টকাৰ সুত দিব পাৰেনে? যদি নোৱাৰে তেন্তে ইয়াকে বুজা যায় যে খেতিয়ক সকলৰ ৰছৰি উপাৰ্জ্জনতকৈ বছৰি খৰচ বেচি।

 খেতিয়ক সকলৰ সমুদায় সম্পত্তি বিক্ৰী কৰিলেও ৪৪ কোটি টকা উঠিবনে? যদি নুঠে, তেন্তে দেখা গল যে, তেওঁলোকৰ ধাৰতকৈ সম্পত্তি কম। ধাৰতকৈ সম্পত্তি কম, বছৰি খৰচতকৈ বছৰি আয় কম, ইয়াকেই বোলে দেউলিয়া। অৰ্থাৎ আমাৰ গোটেই জাতিটোৱে দেউলিয়া হৈ পৰিছে আৰু দেউলিয়াৰ যি চৰিত্ৰ সেই চৰিত্ৰই হৈছে আমাৰ জাতীয় চৰিত্ৰ। আমাৰ দৰিদ্ৰতাই যে আমাৰ আৰ্থিক অৱস্থাহে দুৰ্ব্বল কৰিছে এনে নহয় ই আমাৰ জাতীয় চৰিত্ৰও নষ্ট কৰিছে। এই অৱস্থাত অন্ন সমস্যাৰ বাহিৰে আন সমস্যা আছে বুলি কব পাৰিনে? এনে এটা দুৰ্ব্বল জাতিৰ সবল সাহিত্য, উন্নত সমাজ আৰু উচ্চ শিক্ষা হব পাৰেনে? এই প্ৰশ্নত জাতি ধৰ্ম্মৰ বিচাৰ নাই, হিন্দু মুছলমানৰ ভেদ নাই, উন্নত অনুন্নত নাই পমুৱা বা থলুৱা নাই। প্ৰত্যেকে এই সমস্যাৰ

সন্মুখীন হব লাগিব। এতেকে ইয়াৰ সীমাংসাৰ দৰ্কাৰ।