পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি

 আমাৰ জাতীয় দৈন্য জনাজাত হলেও তাৰ যে পৰিণাম কিমান তাক সকলোৱে হৃদয়ঙ্গম কৰিব পৰা নাই। এই দৈন্যৰ পৰিণাম এবাৰ স্থিৰভাবে ভাবি চালে ইয়াব আগত অসমৰ আন সমুদয় সমস্যা নগণ্য হৈ পৰে। প্ৰকৃত পক্ষে সমুদয় জাতিটোৱে দেৱলীয়া হৈ গৈছে। ই অতি ভয়ানক কথা। গতিকে আচলতে আমাৰ প্ৰত্যেক শক্তিৰ কণাকেই প্ৰয়োগ কৰিব লাগে এই দৈন্য দূৰ কবিবলৈ। আৰু প্ৰত্যেক সমস্যাকেই আমি ভাবিব লাগে এই দৈন্যৰ মাজেদি। আমাৰ তথাকথিত National vanity পৰিতুষ্ট কৰিলেই যেন আমি এই নিৰন্ন প্ৰজাসকলৰ পিঠিত আৰু যেন বোজা নচপাওঁ। ই হব, যাক ইংৰাজীতে বোলে—“উটৰ পিঠিত শেষ বোজা” (last straw on the camel's back. )

 অসমৰ কেৱল খেতিয়ক সকলৰ ধাৰ আছিল ১৯২৯ চনত ২২কোটি টকা। প্ৰত্যেক পৰিয়ালৰ গড়ে ২৪২৲ টকা। শতকৰা ৮৫টা পৰিয়ালৰ এনে ধাৰ। এই সমুদয় সংখ্যা অনা হৈছে অসম গবৰ্ণমেণ্টেৰ ১৯৩০ চনত প্ৰকাশিত বেঙ্কিং তদন্ত কমিটিৰ ৰিপোৰ্টৰপৰা। লক্ষ্ণৗ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেশ বিদেশত জনাজাত পণ্ডিত ৰাধাকুমুদ মুখাৰ্জ্জিৰ "Population and Production” নামে কিতাপ খনত পোৱা যায় যে, ভাৰতত দিনে ৬০ লক্ষ মানুহ লঘোণত পৰে। সেই অনুপাতে অসমত একলক্ষ পয়ষষ্ঠি হাজাৰ মানুহ লঘোণত পৰে। যদি সকলো বাদ দি একলক্ষ বিশ হাজাৰ মানুহো লঘোণ পৰা বুলি ধৰা যায় তেন্তে ই কেনে গুৰুতৰ কথা ভাবি চাওক- চোন। কাগজত পঢ়ি লঘোণপৰাৰ দুখ অনুভব কৰা টান কিন্তু সঁচাকৈ যি জনৰ চকুৰ আগত নিজৰ লৰা-ছোৱালীয়ে খাব নাপাই কলমলাব লাগিছে তাৰ কি ভয়ানক অৱস্থা সিহে বুজে। তাৰ চকুৰ আগত অন্নৰ বাহিৰে আন কোনো সমস্যাৰ মূল্য আছেনে?

 ১৯২৪ চনত কেৱল ম্যালেৰিয়াত যৰে ১ লক্ষ ১০ হাজাৰ বা প্ৰত্যেক চাৰিমিনিটত একোজনকৈ, অথচ এই সমুদয় মৃত্যুৰ মূলকাৰণ হয়তো একো-