পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
প্ৰৱন্ধ-সংগ্ৰহ

ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহমূলক কাৰ্যত লিপ্ত থকাৰ ষড়যন্ত্ৰৰ অভিযোগত দীৰ্ঘ কাৰাদণ্ড, নিৰ্ব্বাসন আৰু মৃত্যু দণ্ডত দণ্ডিত কৰাৰ কথা শুনি থাকোঁ। ৰজাতন্ত্ৰবাদীসকল, “জাৰিষ্ট” বা “হোৱাইট গাৰ্ড” সকলতকৈ তেওঁলোকৰ বেচি চিন্তাৰ বিষয় হৈছে ট্ৰট্‌স্কিপন্থীসকল। ট্ৰট্‌স্কিক নিৰ্ব্বাসিত কৰি তেওঁৰ অসংখ্য অনুচৰ আৰু সহকৰ্ম্মীক প্ৰাণদণ্ড দিয়া হ'ল আৰু অসংখ্য শিষ্যক চাইবেৰিয়ালৈ বাহিৰ কৰা হ'ল যদিও, ৰুছিয়াত আজিও ট্ৰট্‌স্কিৰ প্ৰভাৱ লোপ পোৱা নাই৷ ইফালে ট্ৰট্‌স্কি আজিও বিশ্ব বিপ্লবৰ সমৰ্থক; আজিও তেওঁ মানব সমাজত কোনো ৰকমৰ শ্ৰেণী বৈষম্য আৰু জীৱন ধাৰণৰ মান- বৈষম্যকে (different standards, ) প্ৰশ্ৰয় নিদি, জগতত এটা মাথোন শ্ৰেণীশূন্য সমাজ ( classless Society ) গঠনৰ পৃষ্ঠপোষক। ট্ৰট্‌স্কিৰ স্থায়ী বিপ্লব-নীতি ( Theory of Permanent Revolution) আৰু লেনিনৰ সৰ্ব্বহাৰা আধিপত্য নীতি (Theory of the dictatorship of the Proletariat )—এই দুটি বিৰোধী মত লৈ আজি ট্ৰট্‌স্কি আৰু ষ্টেলিনৰ বিৰোধ। আলোচনা কৰিলে হয়তো দেখা যাব যে, ষ্টেলিনৰ মতেই নিৰ্ভুল। কিন্তু তথাপি ট্ৰট্‌স্কিবাদক ষ্টেলিনে যি ভাবে নিৰ্মূল কৰিবলৈ ওলাইছে, সি অশান্তি আৰু শত্ৰুতা বৃদ্ধিহে কৰিছে যেন দেখা যায়। যি নহওক, বৰ্ত্তমান সেইবোৰ আমাৰ বিচাৰ্য্য বিষয় নহয়। গতিকে আমি ইমানতে এই প্ৰৱন্ধৰ সামৰণি মাৰিলোঁ।

 মুঠতে আমি নব্য ৰুছিয়াৰ দোষতকৈ গুণ বহুত বেচি দেখিছোঁ৷ আৰু এই নতুন ৰাষ্ট্ৰ তন্ত্ৰৰ পৰা ৰুছিয়াৰ কোটি কোটি জনসাধাৰণৰ আৰু দেশখনৰ বিপুল উন্নতি দেখিছোঁ। নব্য ভাৰতৰ অভ্যুত্থানোএই আদৰ্শ বা ইয়াৰ ওচৰা ওচৰি কোনো আদৰ্শতে হ’ব লাগিবনে নালাগে, এই আদৰ্শই জগতত বিস্তাৰ লাভ কৰিব নে নকৰে— বিস্তাৰ লাভ কৰাটো উচিত নে অনুচিত আৰু সম্ভব নে অসম্ভব — সেই কথা সুধীবৃন্দ আৰু তত্ত্বপিপাসুসকলে বিচাৰ কৰক।