পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হুমৰু বৰকাথ জিতেই ঘাই আছিল। এটাইবিলাক যোগগসৈন্য হাজোত গোটখাই তাৰপৰা বামে উত্তৰপাৰেদি আৰু নৈয়েদি উজাই সেইসময়ৰ আহোমৰাজ্যৰ সীমা ভড়- ৰিব পশ্চিমপাৰে কোঠ পাতিলে। বাঘে উজাই যোৱ৷ মোগল সৈন্যবিলাকে কামৰূপৰ উত্তৰপাৰৰ গাওঁবিলাক উজাৰ কৰি গৈছিল, বিশেষকৈ চাংশাৰী নামে গাওঁখনত বৰ উৎপাত কৰিছিল। ভড়ৰিৰ পূবপাৰে অসমীয়া দৈন্য গোটথালে আৰু ৰজা প্ৰতাপসিংহই নিজে লগত বহুত চাওডাং লৈ আই- কুঁৱৰীয়ে সৈতে চামধৰাত ৰল। ভালেমান দিন দুয়োপক্ষই মুখামুখী হৈ থাকিও যুদ্ধ নকৰাত চামধৰাৰ পৰা মহাৰজাই দায় ধৰি নিজৰ দদায়েক চাউলাই কোঁৱৰক তিনিজন নেওগ সমে ধৰাই নিয়ালে। এওঁলোকৰ প্ৰাণদন্দৰ হুকুম হৈছিল কিন্তু আই- কুঁৱৰীৰ প্ৰাৰ্থনাত তেওঁলোকৰ জীৱন ৰক্ষা পৰিল। পাছত গোঁহাইসকলে পৰামৰ্শ কৰি মানুহ পাৰ হবলৈ কোঠব উজানে তিনিখন দলং বান্ধিলে। ১৫৩৭ শকৰ মাঘ মাহৰ ১৫ তাৰিখে প্ৰভাতব অলপ পূৰ্ব্বে অসমীয়। সৈন্যই ন'ৱে-ভৰে বঙ্গালক আক্ৰমন কৰিলে। চকুড়ি দঁতাল হাতীয়ে পোনতে বঙ্গালৰ গড় ভাদি দিলে। পাছে সেন.সকলে যাক যৈতে পায় তাক ভৈতে কাটিব ধৰিলে। বঙ্গালে সাঈম হা নেপালে, কতো বিভঙ্গে কটা গল, কতো অস্ত্ৰ- সন্ত্ৰ ধৰি যুজিলে” (বুৰঞ্জী ) এই ৰণব বিবৰণ আমাৰ বুৰঞ্জীবিলাকত যি আছে তাতোকৈ বিশদ বিবৰণ মিৰ্জ্জ। নাথুলাৰ বাহাৰিস্থানী ঘাইবীত দিয়া আছে। এই বিবৰণ মতে তিনিলাখ অসমীয়া পদাতি সৈন্যই ৭০০ হাতী৷ে যোগল ফৌজক আক্ৰমন কৰিছিল। বুৰঞ্জীবিলাকৰ মতে আমাৰ ফালৰ ছকুড়ি হাতী হে আছিল। মিৰ্জ্জা নাথুলাই লিখা অসমীয়! পদাতি সৈন্যৰ সংখ্যাও অতিৰঞ্জিত যেন লাগে। যুদ্ধ লাগি থাকোঁতেই ৰজা সত্ৰা- জিত নাৱেৰে পলাল। ইবিলাক যোগল, পাঠান, ৰাজদুত আৰু বঙ্গালী নায়কসকলক আমাৰ সৈন্যই ধৰি তিনি তৰপ থাগৰীৰ গড়ৰ ভিতৰত সুমাই থৈ মহাৰাজাক খবৰ দিলে। মহাৰাজাই কৈ পঠালে "বঙ্গালক নাকাটিবি, কেহুৱ৷ উমীৰ বোৰে মোৰে যুজিবলৈ আহিছিল চাম গৈ”। এই আজ্ঞা পোৱা স্বত্বেও গোঁহাইবিলাকে “আমি কিয় ৰণ বঢ়াই থা” এই বুলি খাগ- ৰীৰ গড়ৰ ভিত্তৰৰপৰ৷ এজন এজনকৈ উলিয়াই আনি কাটিলে। “বঙ্গালৰ সবাৰে৷ উপৰি যি চৈয়দ বাবাকৰ নবাব সিও পৰিল। ভগবান বক্সি, গকুল চান্দ, জাহিৰ বেগ, মিৰ্জ্জ। মথি, জামাল খাঁ, দক্ষিণে আহহ্লাদ খাঁ এই সব

  • ভূষণ৷ বৰ্ত্তমান ফৰিদপুৰ জিলাৰ ভিতৰৰ এখন. ঠই।

.