পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
প্ৰৱন্ধ-সংগ্রহ

নজৰ বাখিব। তলত উল্লেখ কৰা পদবীধাবী সকলৰে এই মন্ত্ৰীসভা গঠিত :—

 ১। এজন সভাপতি (Chairman of the peoples Commission of the U. S. S. R.)
 ২। কেইজনমান সহকাৰী সভাপতি।
 ৩। আৰ্থিক পৰিকল্পনা কমিটিৰ সভাপতি (Chairman of the Soviet state planning Commission.)
 ৪। ছভিয়েট দেশৰক্ষা কমিটিৰ সভাপতি (Chairman of the Soviet control Cammission.)
 ৫। “আৰ্ট কমিটি"ৰ সভাপতি (Chairman of the Committee of Arts.)
 ৬। উচ্চ শিক্ষাৰ কমিটিৰ সভাপতি (Chairman of the Committee for Higher Education.)
 ৭। কৃষিজাত বস্তু কিনা কমিটিৰ সভাপতি ( The Chairman of the Committee for purchasing agricultural production, ) আৰু
 ৮। কেই জনমান যুক্তৰাষ্ট্ৰীয় কমিশনাৰ (Peoples' Commissionars of the U.S S.R.)

 এই মন্ত্ৰীসকলৰ প্ৰত্যেকজনৰ নিজ নিজ বিভাগৰ কাৰণে একোখন মন্ত্ৰণাসভা আছে। এইবিলাকৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে অৰ্থ মন্ত্ৰীৰ আৰ্থিক পৰিকল্পনা কমিটিখন। (The State Planning Commission) এই কমিটিয়েই বিশাল ছভিয়েট যুক্তৰাষ্ট্ৰৰ আৰ্থিক ব্যবস্থা—উৎপন্ন, বিক্ৰী, বেপাৰ- বাণিজ্যৰ পৰিকল্পনা (plan) তৈয়াৰ কৰে; আৰু যিহেতু প্ৰধানতঃ নতুন অৰ্থ নৈতিক মতবাদৰ ওপৰতে সমাজ-তন্ত্ৰ প্ৰতিষ্ঠিত, সেই হেতুকে ৰাষ্ট্ৰৰ আন সকলো কৰ্ম্মকৰ্ত্তাৰ কামতকৈ অৰ্থ-মন্ত্ৰীৰ কামেই বেচি গুৰুত্বপূৰ্ণ, আন সকলো, কৰ্ম্মকৰ্ত্তাকতকৈ অৰ্থ-মন্ত্ৰীজনেই বেচি দায়িত্বশীল বিষয়া বুলি ধৰ| হয়; তেওঁকেই ৰুছিয়াৰ ভাগ্য নিয়ন্তা বুলি গণ্য কৰা হয়। বৰ্ত্তমান ৰুছিয়াৰ এই অৰ্থ-মন্ত্ৰীজন হৈছে (যোৱা দহ বছৰে) জোছেফ ষ্টেলিন। এওঁৰ নেতৃত্বতে ৰুছিয়াৰ আৰ্থিক পৰিকল্পনা কমিটিৰ দ্বাৰা প্ৰস্তুত “প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা” (First Five Year plan, 1927-32), “দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা” (Second Five Year plan, 1932-37 ) কাৰ্য্যত খটাই গৱৰ্ণমেন্টে এক অভিনব