পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৯ সমাজতন্ত্ৰবাদ আৰু নব্য ৰুছিয়াৰ চমু পৰিচয় আমেৰিকা আৰু জাপান ইয়াৰ অনুগমন প্ৰয়াসী। এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীৰ ওপৰত, এটা জাতিয়ে আন এটা জাতিৰ ওপৰত, এখন দেশ বা ৰাষ্ট্ৰই আন এখন দেশ বা ৰাষ্ট্ৰৰ ওপৰত প্ৰাধান্য স্থাপন কৰাৰ চেষ্টা পৃথিবীত যুগে যুগে চলি আহিছে যদিও ঊনৈশ শতিকাত ইউৰোপৰ শিল্প বিপ্লব বা Industrial Revolution উপস্থিত হোৱাৰ আগেৱে ধন-তন্ত্ৰবাদ আৰু সাম্ৰাজ্যবাদে এনে উৎকট মূৰ্ত্তি ধাৰণ কৰাব দৃষ্টান্ত বুৰঞ্জীত পোৱা নাযায়। কল কাৰ্থানাব মালিক আৰু বহুৱা, ধনী আৰু দুখীয়৷ দুটা শ্ৰেণী স্পষ্ট আৰু উৎকটভাবে পৰস্পৰ বিৰোধী কৰি গঠন কৰিছে। ধনিক সম্প্ৰদায়ে তেওঁ- লোকৰ প্ৰকাণ্ড প্ৰকাণ্ড কলকাবানা, গিল, কোম্পানী, জমিদাৰী, বেঙ্ক, বীমা ইত্যাদিৰ বাৱসায়ৰ লাভৰ দ্বাৰ৷ লাখপতি কোটিপতি হৈ ৰাজপ্ৰসাদ তুল্য অট্টালিকাত মহানন্দে আৰু অভাবনীয় বিলাস সম্ভোগত দিন কটাইছে। ইফালে তেওঁলোকৰ তলত কিম্বা, তওঁলোকৰ পূৰ্ণ প্ৰভাৱত হাজাৰ হাজাৰ, লক্ষ লক্ষ বহুৱা-ধকৱা, তলতীয়া ৰায়ত আদিয়ে মহা- কষ্টে দিন অতিবাহিত কৰিব লাগিছে; হাড়ক মাটি তেজক পানী কৰি খাটিও তেওঁলোকে দুবেলা দুমুঠি পেট ভৰাই আৰু তৃপ্তিৰে খাবলৈ পোৱ৷ নাই, পিন্ধিবলৈ একান্ত আৱশ্যকীয় এডোখৰ কাপোৰ আৰু থাকিবলৈ এটা নিয়মীয়া পঁজা পোৱা নাই। অকল সেয়ে নহয় প্ৰকাণ্ড প্ৰকাণ্ড কল কাৰখানাৰ শিল্পৰ প্ৰতিযোগিতা আৰু বিস্তাৰে দেশেৰ সক সক কুটিৰ শিল্পবিলাক ধ্বংস কৰি আৰু সিফালে কল কাৰখানাৰ মালিক সকলেও যথেষ্ট সংখ্যক শ্ৰমিকৰ কাৰণে তেওঁলোকৰ কাৰখানাত কাম উলিয়াব নোৱাৰি দেশত লাখ লাখ নিৱনুৱাৰ সৃষ্টি কৰিছে। এইদৰেই পৃথিবীময় অশান্তি ৰাজনৈতিক বিগ্ৰহ আৰু আৰ্থিক অবসাদৰ উদ্ভব হৈছে। এয়ে ধনতন্ত্ৰবাদৰ পৰিণাম। প্ৰচাৰ কাৰ্য্য, বণিকসকলৰ ওচৰত অনুনয় বিনয় কিম্বা গভৰ্ণমেণ্টৰ ওচৰত কৃপাপ্ৰাৰ্থী হৈ এই অন্যায়ৰ প্ৰতিকাৰ লাভ কৰাটো বৃথা। কাৰণ, বণিকসকলে যে প্ৰকৃততে অন্যায় কৰিছে, দৰিদ্ৰসকলক, বহুৱাসকলক শোষণ কৰিছে সেই কথা তেওঁলোকে নজনা নহয়; তথাপি তেওঁলোকে সেই অন্যায়ৰ পথ নেৰে। বণিকসকলৰ মনোবৃত্তিয়েই এনে! তেওঁলোকে যিমান বেচি আয় কৰিব পাৰে, সিমানেই তেওঁলোকৰ লোভ আৰু আক্ৰোশ বেচিকৈহে বৃদ্ধি পায়। কৰবাত কোনোবাজন হৃদয়বান ধনিক' কাৰখানাৱালাই তেওঁৰ তলতীয়া শ্ৰমিকসকলক দয়াপৰবশ