পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ তেওঁৰ পুতেক পৰীক্ষিৎ নাৰায়ণ ৰজা হয়। মোগল সেনাপতি মকৰম খাঁই যেতিয়া তেওঁক ধৰি নি কামৰূপ দখল কৰে তেতিয়া সুমৰু বৰকাথৰ বয়স অনুমান ৬০ বছৰ। এই বয়সতো তেওঁ পৰীক্ষিৎ ৰজাৰ ভায়েক বলীনাৰায়ণৰ প্ৰধান সৰ্দ্ধাৰ-ৰূপে আহোম ৰজাৰ সৈন্যৰে একেলগ হৈ মোগল সৈন্যৰ লগত কেবা ঠাইতো যুজিছিল। এইবিলাক যুজ-বাগৰৰ সম্পূৰ্ণ বিৱৰণ মীৰ্জ্জ। নাথুলাৰ পুথিত দিয়া আছে। এই পুথিত দিয়া সুমক ধৰকাথৰ এই সময়ৰ কাৰ্য্য- কলাপৰ বিৱৰণ ভালকৈ বুজিব খুঁজিলে তেতিয়াৰ অসম বুৰঞ্জী অলপ আলো- চনা কৰিব লাগিব। ১২ পৰীক্ষিৎ নাৰায়ণক ধৰি নিয়াৰ পাছত সোনকোষৰপৰা পূৰ্ব্বে ভড়ৰী নদীলৈকে কোচ-হাজে। ৰাজ্য নাম মাত্ৰ মোগলৰ অধীন হ'ল সঁচা কিন্তু কমিৰূপৰ উত্তৰ- ফুল আৰু দক্ষিণকুল দুয়োফালে মোগল শক্তিৰ বিৰুদ্ধে বিদ্ৰোহাগ্নি জলি উঠিল। উত্তৰ পাৰে সনাতন নামে এজন বীৰ ওলাই এটা পৰাক্ৰমী দল গোট:ই যোগল- বিলাকক কেবা ঠাইতো আক্ৰমণ কৰিলে। ইফালে পৰীক্ষিৎ নাৰামাণক ধৰি নিয়তে কানৰূপ সম্পূৰ্ণৰূপে যোগগৰ হস্তগত হল বুলি ভাবি বঙ্গদেশৰ মোগল চুবাদাৰ ইলাম খাঁই চৈয়দ আবাবাকৰ নামে এজনক ঘই সেনাপতি পাত্তি অম্লম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠলে। সনাতনৰ উৎপাতৰ বাবে এটাই- বিলাক যোগল সেনাই এই যুদ্ধযাত্ৰাত যোগ দিব নোৱাৰিলে৷ বৰনগৰ, ধৰ্ম- ধৰ্মা, হাজো প্ৰভৃতি ঠাইত কিছু মোগল সৈন্য ৰৈ গল। চৈয়দ আব৷ বাকহূৰ লগত ৰাজপুত চৰ্দাৰবিলাক, শ্ৰীহট্ট আৰু মৈমনসিংহৰ পাঠান চৰ্দ্দাৰবিলাক আৰু অন্যান্য মোগল অশ্বাৰোহী আৰু পদাতি সৈন্যৰ বাহিৰেও এটাইবিলাক বঙ্গালী হিন্দু জমিদাৰেই তেওঁলোকৰ নৌ সৈন্যৰ সৈতে উজাইছিল। এই- বিলাক বঙ্গালী হিন্দু জগিনাৰ সকলৰ ভিতৰত ভূষনাৰ জমিদাৰ ৰাজা সত্ৰা- ইয়াৰ অৰ্থ গেইট চাহাবে কৰিলে:— when the new temple of Kamakhya was opened the ocasion was celeberated by the immolation of no less than a hundred and forty men whose heads were affored to the Goddess on salrers made of copper!!" তামৰ ফলিত লিখি সাতকুৰি ঘৰ পাইক দিয়| গৈ হ'ল সাতকুৰি মানুহ বলি দি সিহঁতৰ মূৰ তাঙ্গৰ শৰাইত উচৰ্গা কৰা!! হাজোৰ মঠ সম্পৰ্কেও ৮ সূৰ্য্যথড়ি দৈবজ্ঞৰ পুথিত লিথা আছে :- “তাম্ৰ ফলি কৰি দিল| পাইক সপ্তশত॥” ইয়াৰ অৰ্থ হ'লগৈ the temple was consecrated by the sacrifice of numerous human vitetims!!" অথচ গেইট চাহাবৰ বুৰঞ্জী পঢ়িয়েই এতিয়ালৈকে অসমীয়া — অনা অসমীয়াই আমাৰ পুৰাবৃত্ত কি আছিল জানিব খোজে।