পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ এই শত শত পুণ্য-স্মৃতি বিজৰিত স্থুজলা-সুফলা শস্য শ্যামল৷ অসম দেশত আদিতে জ্যোতিষ শাস্ত্ৰৰ কেনে চৰ্চ্চা আছিল আৰু এতিয়া কেনে হৈছে তাৰে চমু আভাস সহৃদয় পাঠকসকলৰ আগত দাঙি ধৰিবলৈ আগ বাঢ়িলোঁ। সকলোৱে জানে যে পুৰণি কালত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ, আজি কালিৰ গুৱাহাটী নগৰেই ইয়াৰ ৰাজধানী আছিল। এই নগৰৰ নাম প্ৰাগ- জ্যোতিষপুৰ হোৱাৰ কাৰণ ব্ৰহ্মাই আদিতে ইয়াত নক্ষত্ৰাদিৰ সৃষ্টি কৰিছিল— “অস্য মধ্যে স্থিতে৷ ব্ৰহ্মা প্ৰাঙ্ নক্ষত্ৰান্ সসঙ্গ— সঃ॥” অতীজ কালৰ পৰাই অসমত সম্যকৰূপে জ্যেতিষ আহিছে। গতিকে দেখা যায়- শাস্ত্ৰৰ চৰ্চা চলি শিক্ষা, কল্প,, ব্যাকৰণ, নিৰুক্ত, ছন্দ, জ্যোতিষ এই ছয়টি বেদৰ অঙ্গ আৰু জ্যোতিষ শাস্ত্ৰই চক্ষুৰ স্বৰূপ। গতিকে এই জ্যোতিষ শাস্ত্ৰৰ চৰ্চ্চ। যে কেনে সম্মানজনক তাক ভালদৰে বুজিব পাৰি সেয়ে— স্নেচ্ছোহি যবনাস্তেষু সম্যক্ শাস্ত্ৰমিদং স্থিতম্ ঋষিবত্তেহপি পূজ্যন্তে কিংপুণদৈ ববিদ্বিজঃ॥” স্লেচ্ছ যবনেও এই জ্যোতিষ শাস্ত্ৰ চৰ্চা কৰি ঋষি সকলৰ দৰে পূজা হৈছিল, দৈববিদ্ ব্ৰাহ্মণৰতো কথাই নাই। এই জ্যোতিষ শাস্ত্ৰ প্ৰথমতে স্বৰ্ণগৰ্ভ পৰমেশ্বৰে জানিছিল, পিচত ব্ৰহ্মাদি মুনিসকলে তেওঁক তপস্যা কৰাত পৰম সন্তাপেৰে এই শাস্ত্ৰ তেওঁবিলাকক দিয়ে। এই গ্ৰহচবিত্ৰ যি জনে জানে তেওঁৱেই বিশ্ব-প্ৰকাশ-নিৰ্ম্মল জ্ঞান-চক্ষু পাৰ— “জ্যোতিঃ শাস্ত্ৰং প্ৰথম পুৰুৰতঃ স্বৰ্ণগৰ্ভাদ্বিদিত্বা। পূৰ্ব্বং ব্ৰহ্মা ততোহয়ং নিথিল মুনিগণঃ প্ৰাৰ্থনাদ যচ্ছকাৰ তচ্ছেদং সুপ্ৰসন্ন মৃদু পদনিকৰৈগ্ৰাহামধাত্মৰূপম্। শশ্বদ্বিশ্ব প্ৰকাশং গ্ৰহচৰিতবিদাং নিৰ্ম্মলং জ্ঞান চক্ষুঃ॥ এই জ্যোতিষ শাস্ত্ৰৰ প্ৰবৰ্ত্তক হৈছে সূৰ্য্য, ব্ৰহ্মা, ব্যাস, বশিষ্ঠ, অত্ৰি, পৰাশৰ কাশ্যপ, নাৰদ, গৰ্গ, মৰীচি, মনু, অঙ্গিৰ|, লোমশ, পুলশ চ্যবন, যবন, ভৃগু, শৌণক-এই ওঠৰ জন—