পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত জ্যোতিষ অসম প্ৰকৃতিৰ ৰম্য স্থান। কত ধুনীয়৷ ধুনীয়৷ সৰু বৰ পৰ্ব্বত পাহাৰে ইয়াক আগুৰি ৰাখিছে—সেই পাহাৰ বিলাকত কত শত জুৰিয়ে কুলু কুলু সুৰে গীত গাই অনন্ত সমুদ্ৰৰ লগত মহা-মিলনৰ প্ৰয়াসে যাত্ৰা কৰিছে, সেই জুৰিবোৰৰ পাৰৰ গছ-বিলাকত ৰঙ-বেৰঙৰ কত ধুনীয়া ধুনীয়া চৰাই চিৰিকতিয়ে পৰম পিতাব সৃষ্টি কৌশলৰ গান গাই গাই নাচিছে। মাজেৰে ব্ৰহ্মাৰ মানস-পুত্ৰ- পুণ্যতোয়া লুইতে বিভূগুণ-গান গাই ধীৰ-মন্দ-গতিৰে অসমৰ অতীত-কীৰ্ত্তিৰ গীতি অসমীয়াৰ কণকুহৰত প্ৰবেশ কৰাই অসমীয়াক অমৰ-অতীত-গৌৰৱ সোৱ ৰাই আছে। কত বিস্তীৰ্ণ-শ্যামায়মান-শস্য ক্ষেত্ৰই আই বসুমতীৰ বুকু ঢাকি থৈছে; অগণন বতাহৰ ঢৌ সেই ধাননিৰ ওপৰেৰ সাগৰৰ ঢৌ বাগবাদি বাগৰি দৰ্শকক চমৎঙ্কত কৰিছে। চাৰিওপিনে কত সুন্দৰ দৃশ্য, দেখিলেই চকু ৰৈ যায়। কামাখ্যা, বশিষ্ঠাশ্ৰম, উমানন্দ, নবগ্ৰহ, ভৈৰবী, তুক্ৰেশ্বৰী আদিৰ দৰে কত অসংখ্য পুণ্যতীৰ্থই অসমী আইৰ বুকু পৱিত্ৰ কৰি ৰাখিছে! নকস্মিৰ, ভগদত্ত, বাণ, আদিৰ দৰে মহাবীৰ ৰজা, আৰু লাচিত, চিলাৰায়, মণিৰাম দেৱান আদিৰ দৰে কত বীৰ পুত্ৰই অসমী আইৰ পৱিত্ৰ কোলাত জনম লৈ বুৰঞ্জীৰ পাতত সোণালী তুলিকাধৰি অক্ষয় ৰহণেৰে যাউতীযুগীয়া গৌৰৱময়ী কাহিনী লিখি থৈ গল, – বেউলা, জয়মতী ৰাধাৰক্মিণী আদিৰদৰে কত বীৰ জায়াই বীৰ-প্ৰসূতি অসমক ধন্যা কৰি থৈ গৈছে,—মহাৰাজ নৰনাৰায়ণ, কুমাৰ ভাস্কৰবৰ্ম্মাৰ দৰে কৰ্ত প্ৰজাৰঞ্জক ৰজাই এই অসমত সাধুব পালত দুষ্টৰ দমন কাৰ আই অসমৰ মুখ উজ্জ্বল কৰিলে—— শঙ্কৰদেৱ, মাধবদেৱ আদিৰ দৰে কত মহাপুৰুষ উপজি ধৰ্ম্ম প্ৰচাৰৰ লগতে মাতৃভাষা অসমীয়াক জগতৰ আগত কিমান ৩থ আসনত বহুৱাই গৌৰৱমণ্ডিতা কৰি থৈ গল্প তাৰ সীমা নাই। ১২