পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ হাঁহি-ধেমালিৰ ৰোল উঠি গল বিহু ভাগিবৰ সময় হল, হাঁচটিৰ গাঁঠি মুকলি কৰিলা কঢ়া আজোৰাত ঢুকাই গল। ঘৰলই বুলি ঘৰমূৱা হলা সমনীয়া জাক লগত লই, হিয়াৰ আবেগ পাতলাই গল৷ গীতৰ সুৰেৰে কথাটি কই। “ঘৰটে। নবহে মনে মোৰ বান্ধৈ ঐ বিহুতো নবহে মন, কমোৱ৷ তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন।” মলয়াত উটি সমিধান গল শুনি পাচলই উলটি চালা, আবেগ দুগুণে উঠলি উঠিল সমিধান তাৰ ঘূৰাই দিলা। “তুমিয়ে আমিয়ে পিৰীতি কৰিলে। ঈশ্বৰক কৰিছে৷ সাক্ষী, চৰাই হোৱা হলে উৰি গলেহেতেন- তাল’কো নাইকিয়া পাখি।” কাৰ আগত কই যাম দুখৰ কথা সাৰি কোনে পাতি যাব কাণ? চকুত নাই টোপনি তোমালৈ চিতনি, দেহালই পৰিছে টান।"