পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰঙালী বিহু মনত পৰেনে তাহানিৰ স্মৃতি বহাগী বিহুৰ জোনাক ৰাতি, ললিত কলাৰ ভঙ্গিমা মূৰতি মুখত তোমাৰ অপূৰ্ব্ব জ্যোতি। ৰামধেনু যেন কপালৰ ৰেখা সেন্দুৰৰ ফেঁাট আছিল জলি, কপালৰ ঘাম বিৰিঙি বিৰিঙি মুকুতা লতাই পেলালে কলি। কেঁচ দিয়া বিহা, ককঁাল ধুনীয়া ফুলাম ইঁাঁচটি আছিল অঁৰা, গলে গলপতা বুকুত গেজেৰ৷ খোপাতে মালতী ফুলেৰে ভৰা। শুকুলা নখত জেতুকা বোলোৱা তাতে নেজপতা আঙঠি লই, মিনাকৰা কেক কাণত ওলমি চুমা দুগালত দিছিলে অই কিয়নো নহলো থুৰীয়া গেজেৰ৷ হিংসা গুমৰি উঠিল মোৰ, নিদিও থাকিব থুৰিয়া গেজেৰ৷ সিহঁতক মই কৰিম দূৰ। ভাব সাগৰত ওপঙি ওপত্তি } পালোগই পাৰ কাষত গই, নাচন তোমাৰ তালকাতি গল হঠাৎ থমকি থাকিল৷ ৰই।