পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুমৰু বৰকাথ খ্ৰীঃ ষোড়শ শতিকাৰ শেষ ভাগৰ আৰু সপ্তদশ শতিকাৰ আগ ভাগৰ কামৰূপী ধীৰ সুমৰু বৰকাথৰ নাম ইতিহাস প্ৰসিদ্ধ। বেলেগ বেলেগ পুথিত এওঁৰ নাম বেলেগ বেলেগ ৰূপে দিয়া আছে। মিৰ্জ্জা নাথানৰ ( নাথুলা ) বিৱৰণ বাহাৰী-স্থানী ঘাইবীত এওঁৰ নাম সুমাকয়েদ কায়েথ (Shumaruyead Kayeth ). গেইট চাহাবৰ বুৰঞ্জীত এওঁক সমৰু বুলিছে, আমানতউল্লা আহ- মদৰ “কোচবিহাৰেৰ ইতিহাসত এগুৰ নাম সমাৰুদ কায়স্থ আৰু মোৰ Early History of Kamarupa নামে পুথিত মই এওঁৰ প্ৰকৃত নাম সমুদ্ৰ কায়স্থ অনুমান কৰিছিলোঁ। পিছত দেখিদে! যে প্ৰায় ডেৰশ বছৰ আগেয়ে লিখা সূৰ্য্যখড়ি দৈবজ্ঞৰ দৰঙ্গ ৰাজ বংশাৱঙ্গীত এওঁৰ নাম সুমৰু বৰকাথ লিখা আছে :- মণিকুট্ট মঠ পূৰ্ব্বে মিনাৰ আছিল!। পাপিষ্ঠ যবনে আনি তাহাক ভাঙ্গিলা | তাহ'ন গহ্বৰে মাধৱক দেখিলয় | তাঙ্ক দেখি ২ঘুদেৱে অনন্দ ভৈলন্ত॥ বৰকাথ হুমৰুক বুলিলা বচন। শীঘ্ৰে কৰি মঠ অত কৰা নিবন্ধন॥ মৌচিলৰ ধন যত লাগে ম’নে দিল। | প.ক সিক শিল্প' কুটি কুহৰ অনিলা। অ:জ্ঞ৷ কৰি ৰঘুদেৱ নিজ ঘৰে গৈলা। পাছে বংকাখে মঠ বান্ধিবাক লৈলা॥ অনুমান সোমবাৰে জন্মগ্ৰহণ কৰাৰ বাবেই তেওঁৰ নাম সোমবাৰু—সোম- বৰু—সুমাৰু—সুমক হৈছিল। এই ঠৰ ভিতৰত ৰঘু’দৱ ৰজাৰ যি শিলালিপি আছে তাৰপৰা জনা যায় যে ১৫০৫ শকন্তু এই মন্দিৰ সজা হয়। * সেই সময়ত অনুমান সুমক বৰকাথ ডো মানুহ আছিল। ৰঘুদেৱ ৰজাৰ পিছত

  • গেইট চাহাবে লিখি : “When it ( the temple ) was Completed it

was Consecrated by the sacrifice of numerous human victims." এই কথাৰ অলপো সত্যতা নাই। সূৰ্য্যখড়ি দৈবজ্ঞৰ পুথিত আছে যে ৺ কামাখ্যা দেবীৰ মন্দিৰ সজাৰ পিছত নৰনাৰায়ণ ৰজা :- “তিনি লক্ষ হোম দিলা এক লক্ষ বলি।” সাতকুড়ি পাইক দিলা কবি তাম্ৰ ফলি।