পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যুৎ ৮৫ ভিতৰৰ প্ৰবাহিত বিজুলী প্ৰবাহৰ প্ৰতিৰোধকৰ পাৰবৰ্ত্তন কৰে৷ দুৰৰ ষ্টেচনলৈ পঠোৱা বিজুলী প্ৰবাহৰ শক্তি এনেদৰে পৰিবৰ্ত্তন সদায় হয় আক প্ৰত্যেকটো পৰিবৰ্ত্তনে দূৰত থকা ছবিৰ গাঢ়তা হিচাবে আয়ত্বাধীন কৰা হয়। ইয়াক ধৰোঁতা যন্ত্ৰৰ চিলিণ্ডাৰটোও প্ৰেৰক যন্ত্ৰৰ চিলিণ্ডাৰৰ দৰে ঠিক সমান গতিত ঘূৰিবলৈ দিয়া হয়। সেই চিলিণ্ডাৰটোত এখন চেন্‌চিটিঙ্ (Sensitive) ফটোগ্ৰাফিক কাকত মেৰোৱ৷ থাকে। সেই কাকতখনৰ ওপৰত পোহৰৰ (Light) দাগ ( Spot) পৰেহি। এই পোহৰ অহ! বাটত এখন সৰু দুৱাৰ (Shutter) থাকে। সেই দুৱাৰ্থন বিজুলী প্ৰৱাহ শক্তি পৰিবৰ্ত্তন হোৱা অনুপাতে কম আৰু বেচি পোহৰ সোমাবলৈ দি আপোনা আপুনি মেল খায় আৰু বন্ধ হয়। কলম ঘূৰি থকা সিটে৷ চিলিণ্ডাৰৰপৰা ফটে৷ পঠিৱ৷ হয় সেই ছবিৰ প্ৰত্যেক অংশৰ গভীৰত৷ হিচাবে কম বেচি পোহৰ আহি প্ৰত্যেকথনতে এই চেন্‌চিতিভ্ (Sensitive) কাকত খনত পৰেহি। চিলিণ্ডাৰটো ঘূৰাৰ অন্ত হোৱাৰ লগে লগে কাকত খন নি 'ডেভেলাপ' ( Develope ) কৰা হয় আৰু ছবিটো তাত ওলায় পৰে। এনেবোৰ যন্ত্ৰৰ দ্বাৰা নিজৰ দস্তখত, লিখা আখৰ আদিয়ে। বিনাতাঁৰে পঠাব পাৰি। এনেদৰে দিনক দিনে নতুন কৌশলবোৰ উদ্ভাৱন হবই ধৰিছে। আটাইাতকৈ অদ্ভূত আবিস্কাৰ হ'ল টেলিভেচন। কেইবছৰমানৰ আগতে ৰুমাৰ ( Rummer ) নামে জাৰ্শ্বানীৰ বৈজ্ঞানিক এজনে দূৰৰ আখৰবোৰৰ প্ৰতিবিম্ব দেখা কৌশল এটা আবিষ্কাৰ কৰিলে। যদি কোনো আথৰ টেলিভেচান যন্ত্ৰ এটাৰ সন্মুখত ধৰা হয়, তেন্তে তাৰ প্ৰকৃত প্ৰতিবিম্ব সেই মুহূৰ্ত্ততে হাজাৰ হাজাৰ মাইল দুৰৈৰ পৰ্দ্দাত দেখিবলৈ পোৱা যায়। আজি- কালি এনে এটা কৌশল বাহিৰ হব ধৰিছে যাৰ দ্বাৰা টেলিফোনত কথা কোৱাৰ লগে লগে চকুৰ আগতে কথা কওঁতাৰ চেহেৰাটো শুনোতৰ চকুৰ আগত ফুটি উঠিব। ইয়াৰ বাহিৰেও বেৰ্তীৰত কথা শুনাৰ লগতে কথা কওঁতাকে! টেলিভেচনৰ সহায়েৰে দেখা পোৱাৰ চেষ্টা চলিছে। কত প্ৰকাৰে যে মানুহে বিজুলীৰপৰা কাম আদায় কৰিব ধৰিছে কৈ অন্ত কৰা টান। কোনো ধাতুজাত তাঁৰেৰে বিজুলী প্ৰবাহ বোৱাই দিলে যদি তাৰ প্ৰতিৰোধক ক্ষমতা বেচি হয় তেন্তে লাহে লাহে সি গৰম হৈ উঠিব।