পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

b8 প্ৰৱন্ধ-সংগ্ৰহ ঢৌ ধৰি আকৌ আগৰ নিচিনা বতাহৰ ঢৌলৈ নিব পাৰি। এই প্ৰণালীৰে পৃথিবীত ক’ত কি ঘটিছে জানিব পাৰি। এই ইথাৰ ইমান বেগাই যায় যে মুহূৰ্ত্তৰ ভিতৰতে ই গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিয়পি পৰে গতিকে পৃথিবীৰ এমুৰৰ পৰা বাতৰি পঠালে ই পলকৰ ভিতৰতে আনমূৰ পায়গৈ। যন্ত্ৰ এটা ৰাখিলেই ঘৰতে বহি পৃথিবীৰ সিমূবত কোৱা কথা বা গান শুনিব পাৰি। সাগৰৰ মাজত কোনো জাহাজ কিবা ৰকমে বিপদত পৰিলে, তৎক্ষণাত এই উপায়েৰে চাৰিওফালে বাতৰি পঠিয়াব পাৰি। এই আটাইবোৰতকৈ আধুনিক অপূৰ্ব্ব আবিস্কাৰ হ’ল বিজুলীৰ দ্বাৰা এখন দেশৰপৰ৷ আন এখন দেশলৈ ছবি, দস্তখত আৰু ফটোগ্ৰাফ, পঠোৱা। থৰণ বেকাৰ (Thorn Baker) নামে বৈজ্ঞানিক এজনে আবিস্কাৰ কৰ৷ 'টেলিকেট্ৰাগ্ৰাফ' নামে এবিধ যন্ত্ৰৰ সহায়ত তিনি বছৰ ধৰি পেৰিচৰ পৰা লণ্ডনলৈ নিতৌ ছবি টেলিগ্ৰাফ পঠিয়াইছিল তাৰ পিচত এড্‌ ৱাৰ্ড বেলিন ( Edward Belin) নামে ফৰাচী দেশৰ আবিস্কাৰক এজনে বিনাতীৰে ফৰাচীৰ প্ৰধান মন্ত্ৰীৰ দস্তখত এটা আমেৰিকাৰ ইউনাইটেড ষ্টেট্‌লৈ পঠিয়াইছিল। ছবি এখন বিনাতীৰে পঠিৱ৷ সময়ত তাক অতি ক্ষুদ্ৰ অসংখ্য একে ধৰণৰ (Uniform ) বিন্দুত পৰিণত কৰি লোৱা হয়। সেইভাবে ছবিখন বিন্দুত পৰিণত কৰাত তাৰ কোনো ৰূপান্তৰ নঘটে৷ সেই বিন্দুবোৰ পিচত পোহব আৰু এন্ধাৰৰ ভাগ বিশেষে বিজুলী প্ৰবাহ শক্তিত পৰিণত কৰি ‘ইথাৰৰ’ মাজেদি নিদ্ধাৰিত ঠাইলৈ পঠোৱা হয়। বিজুলী প্ৰবাহবোৰ যেনে ভাবে আহে ঠিক সেইভাবে নিৰ্দ্ধাৰিত ঠাইত তাক সংগ্ৰহ কৰি পোহৰ আৰু এন্ধাৰ বিশেষে বিন্দুবোৰ একেলগে পৰিপাতিকৈ সজায় লয়। সেই সজোৱা বিন্দুবোৰ যন্ত্ৰত পেলাই গঢ় দিলেই আগৰ যেনে ছবি তেনে হৈ পৰে। বেলিন চাহাবে এখন দেশৰ পৰা আন এখন দেশলৈ ফটো পঠোৱা যিটো প্ৰণালী আবিস্কাৰ কৰিলে তাত মাত্ৰ দুটা 'চিলিণ্ডাৰৰ' ( Cylinder) আৱশ্যক। এই ‘চিলিণ্ডাৰ' দুটাৰ এটা প্ৰেৰক আৰু আনটো ধাৰক৷ প্ৰেৰক চিলিণ্ডাৰটোত ফটোখন ৰিলিফ ( relief) কৰিবলৈ বহুৱা হয়। অৰ্থাৎ এন্ধাৰ আৰু পোহবৰ বেচি কম ভাগ বিশেষে তাক ঠিককৈ ৰখা হয়। ছবিখনৰ সৈতে চিলিণ্ডাৰটে। ঘূৰে আৰু তাৰ ওপৰত কলম এটাই দাগ দি যায়। সেই ‘বিলিফ' ( relief) ছবিখনৰ ওথ চাপৰ ভাগ হিচাবে কলমটোৱে উঠা নমা কৰে। এই উঠা নমা কৰা কলমৰ গতিটোৱে সৰু 'কইল' (coil ) এটাৰ