পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যুৎ LO চাবিটে৷ অলপ ওপৰলৈ উঠি আহে আৰু তৎক্ষণাত বিজুলী শক্তি পঠোৱা বন্ধ হয়। য’ৰপৰা টেলিগ্ৰাম পঠিৱা হয়, তাৰ যেনেকৈ টৰে টক্কা শব্দ হয়, য’লৈ এই টেলিগ্ৰাম যায়, তাতো সেই একেদৰেই একে শব্দ হয়। য’লৈ টেলিগ্ৰাম পঠিৱা হয় সেই ঠাইত যন্ত্ৰত লগোৱা এখন কাকতৰ ওপৰত সেই সাঙ্কেতিকবোৰ আপোনা আপুনি লিখা যায়। এই সাঙ্কেতিক চিন (.) আৰু আঁচবোৰ (-) বেলেগ বেলেগকৈ গোট খুৱালে বৰ্ণমালাৰ একোটি আথৰ হয়। বৈজ্ঞানিকসকলৰ চেষ্টাত আজি কালি বিনাতাঁৰে বাতৰি পঠাব পৰা হৈছে। এক প্ৰকাৰে কবলৈ গলে ইয়াৰ জন্ম হয় হেন্‌ৰিক্‌ হাৰ্ট জৰ ( Heinrich Hartz } লেবোৰেটৰীত। ১৮৪৭ খ্ৰীষ্টাব্দত জেম্‌চ্, মেক্সৱেল নামে বৈজ্ঞানিক এজনে বিলাতৰ ৰয়েল চোচাইটিত বায়ু মণ্ডলত সদায় এটা বিজুলী শক্তিৰ ঢৌ থকা সম্বন্ধে এটা প্ৰবন্ধ পঢ়ে। তাৰ কেইবছৰমান পিচত মাৰ্কনিয়ে বিনাতাঁৰে এঠাইৰপৰ৷ আন ঠাইলে বাতৰি পঠাব পৰা কথা আবিস্কাৰ কৰিলে। পোন প্ৰথমতে ১৮৯৭ খ্ৰীষ্টাব্দৰ শেহভাগত চেলীচবেৰী বোলা এখন চহৰৰ পৰা ৩৪ মাইল দূৰত থকা ‘বাথ’ বোলা চহৰ এখনলৈ পোন প্ৰথমতে বাতৰি পঠিৱা হৈছিল। তাৰ তিনি বচৰৰ পিচত কৰ্ণৱালৰ পঞ্জু নামে ঠাই এখনত বেতাৰ টেলিগ্ৰামৰ ডাঙৰ ষ্টেচন এটা বহুৱা হয়। ১৯০০ খ্ৰীষ্টাব্দৰ পোন প্ৰথমে পল্গুৰ পৰা আটলান্টিক মহাসাগৰৰ ওপৰেদি চেণ্ট জন্ম নিউফাউণ্ডলেও বোলা ঠাইলৈ বাতৰি পঠিয়াছিল। বৈজ্ঞানিক সকলে কয় যে বিশ্ব ব্ৰহ্মাণ্ড বিয়াপি ‘ইথাৰ' নামে এটি মনে পতা বস্তু আছে। ই সকলে৷ ঠাইতে থাকে। এই ‘ইথাৰ' যে প্ৰকৃততে কোন বস্তু, বিজ্ঞানে সঠিককৈ আজিলৈকে কব পৰা নাই। কেৱল এইটোৱেই প্ৰমাণিত হৈছে যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি কণিকাতে ই বিয়পি আছে। বিজুলী শক্তিৰ সহায়ত এই ইথাৰত ঢৌ তুলিব পাৰি। পুখুৰীৰ মাজলৈ শিলগুটি এটা মাৰি দিলে যেনেকৈ পুখুৰীৰ মাজত ঢৌ উঠি লাহে লাহে চাৰিওফালে বিয়পি পৰে ঠিক তেনেকৈ ইথাৰত ঢৌ উঠিলে সেই ঢৌ লাখ লাখ মাইল দূৰলৈ বৈ যায়। গতিকে কোনো এঠাইত ইথাৰ সমুদ্ৰত ঢৌ তুলিলে সেই ঢৌ সকলে৷ ফালে বিয়পি পৰিব, আৰু তাক ধৰিবলৈ কিবা যন্ত্ৰ থাকিলে তাক ধৰিব পৰা যায়। কথা কওঁতে বতাহত যে ঢৌ উঠে যন্ত্ৰৰ সহায়েৰে সেই বতাহৰ ঢৌ অনুযায়ী ইথাৰতো ঢৌ তুলিব পাৰি। সংগ্ৰাহক যন্ত্ৰৰ দ্বাৰাই এই ইথাৰৰ