পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ ৱাটছনৰ মুঠে ২২ বছৰ। যিদিনা টেলিফোন যন্ত্র সম্পূর্ণ হ’ল, সিদিনা সেই যন্ত্ৰৰ সহায়তে আঢ়ৈ কুৰি হাত দূৰৰপৰা ইজনৰ লগত সিজনে কথা পাতিছিল। টেলিফোন যন্ত্ৰৰ বিশেষ জটিলতা একো নাই । পাতল দুচটা লোহাৰ পাত ইয়াৰ প্ৰধান অংশ। সেই পাত দুচটাৰ এচটা বক্তাৰ মুখৰ ওচৰত আৰু আনচটা শ্ৰোতাৰ কাণৰ ওচৰত থাকে। এই পাত দুচটাৰ ওচৰতে বিজুলী তাঁৰ লগোৱা থাকে। তাৰ ফলত কথা কওঁতাৰ মুখৰ ওচৰৰ পাত দুচটা যেনেকৈ কঁপিবলৈ ধৰে, ঠিক তেনেকৈয়ে কাণৰ কাষৰ পাত চটাও কঁপি ওঠে। প্রথম পাত চটাৰ কাষত থিয় হৈ কোনোবাই কথা কলে, কওঁতাৰ কথাৰ সুৰ উচ্চতা, নিম্নতা, গভীৰতা অনুসৰি প্রথম পাত চটা কঁপি উঠে, আৰু দ্বিতীয় পাত চটাৰ সন্মুখত থিয়হৈ তাৰ ওচৰলৈ কাণথন নিয়ে, তেনেহলে কওঁতাৰ কথাবোৰ স্পষ্টকৈ শুনিবলৈ পোৱা যায় । টেলিফোন আৰু টেলিগ্রাফ দুটা বেলেগ প্ৰকৃতিৰ বস্তু । টেলিফোনেৰে মানুহৰ কথাৰ সুৰটো যন্ত্ৰৰ ভিতৰত ধৰি তাক বিকৃত নকৰাকৈ শুনোতাৰ কাণলৈ পঠিয়াই দিয়| হয় ৷ কিন্তু টেলিগ্রাফত এনে কৰ। নহয় । টেলিফোনত মানুহে কোৱা কথাৰ শব্দৰ দ্বাৰা বাতৰি পঠিৱা হয়, কিন্তু টেলিগ্রাফত এনেবোৰ শব্দৰ সলনি কিছুমান সাঙ্কেতিক চিনৰ দ্বাৰা বাতৰি পঠিৱা হয়। ১৮৩৩ খ্রীষ্টাব্দত পোন প্রথমে গচ্ (Gauss ) আৰু ৱেবাৰ ( Weber) নামে দুজন বৈজ্ঞানিকে টেলিগ্ৰাফৰ যন্ত্র আবিস্কাৰ কৰিলে। তেতিয়া কিন্তু তেওঁলোকে বিজুলী শক্তিৰ সহায়েৰে টেলিগ্রাফৰ বাতৰি পঠিৱা কৌশলটো উলিয়াব পৰা নাছিল। পিচে ১৮৩৬ খ্রীষ্টাব্দত চাৰ চাৰ্লছ হুইট্‌ষ্টোন নামৰ আন এজন বৈজ্ঞানিকে তাঁৰৰ মাজেদি বিজুলী যোগে বাতৰি পঠিয়াব পৰ৷ কৌশলটে৷ আবিস্কাৰ কৰিলে ৷ কিছুদিনৰ পিচত যদু” ডিগ্‌নে নামেৰে এগৰাকী বৈজ্ঞানিকে এই বাতৰি পঠিয়াবলৈ কিছুমান সাঙ্কেতিক চিন্‌ ব্যৱহাৰ কৰিবলৈ ধৰিলে। টেলিগ্রাফৰ প্ৰধান কৌশল হৈছে তাঁৰৰ ভিতৰেদি এবাৰ বিজুলী শক্তি পঠোৱা আৰু তাৰ পিচ মুহূৰ্ত্ততে তাক পঠোৱা বন্ধ কৰা। টেলিগ্রাফ পঠাবৰ সময়ত টেলিগ্ৰাফৰ মানুহজনে চাবিটো এবাৰ তললৈ টিপি, এবাৰ চাৰি দি ‘টৰে টক্ক’, শব্দ কৰে ৷ এই “টৰে টকা” শব্দ দুটা বিন্দু (1) আৰু আঁচেৰে (-) বুজোৱা হয়। সেই চাবিটো এনে ধৰণে তৈয়াৰী যে যেতিয়ালৈকে ইয়াক টিপি ধৰি থকা হয় সিমান সময় টেলিগ্রাফৰ তাঁৰৰ ভিতৰেদি বিজুলী শক্তি চলি থাকে, আৰু এৰি দিলেই, চাবিৰ তলত থকা এটা স্প্রিঙৰ সহায়ত