পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যুৎ অপৰিচালক বস্তু পৃথিবীত নাই। মানুহৰ দেহ| আৰু মাটি উভয়ে পৰিচালক। কোনো ধাতুৰ বস্তুক বিদ্যুৎপূৰ্ণ কাৰ তাত হাত দিলে, সকলো বিদ্যুৎ শৰীৰৰ ভিতৰেদি মাটিলৈ গুচি যায়। এই পৰিচালক আৰু অপৰিচালক আবিস্কাৰ কৰে ১৭৩৩ চনত চাৰ্লৰ্চ দুফে ( Charles Dufay ) চাহাবে। 99 ১৭৪৫ খ্ৰীষ্টাব্দত ভন্ কেইষ্ট ( Von Kleist) নামে বৈজ্ঞানিক এজনে লীডেন্ জাৰ ( Leyden jar ) আবিস্কাৰ কৰিলে। ই এক প্ৰকাৰ বিদ্যুৎ সংগ্ৰাহক যন্ত্ৰ মাত্ৰ। ইয়াৰে তেওঁ বিজুলী সঞ্চয় কৰিবলৈ চেষ্টা কৰিছিল। এটা কঁাচৰ বটলত কিছুমান পানী ভৰাই লৈ সেই পানীথিনিক বিদ্যুৎ যুক্ত কৰিবৰ তেওঁৰ ইচ্ছ! আছিল। তেওঁ বটলটো সে। হাতে ধৰি লৈ আন- হাত খনেৰে বিদ্যুৎ উৎপাদক ফ্ৰিক্‌চনেল যন্ত্ৰ (Frictional Machine ) এটা চলালে। যন্ত্ৰৰ পৰা বিদ্যুৎ লোহাৰ গজাল এটাৰ ভিতৰেদি পাত্ৰত থোৱা পানীলৈ গ'ল আৰু পানীখিনি বিদ্যুতযুক্ত হ'ল। শেষত বটলত বিজুলী সঞ্চয় হৈছেনে নাই চাবলৈ বটলটো যন্ত্ৰৰ পৰা নমাব খুজিলে। এহাতে বটলটো নমাব নোৱাৰি বাওঁহাতখন নি বটলটে। চুবলৈহে পালে মূহূৰ্ত্ততে প্ৰকাণ্ড বিদ্যুতৰ চক্‌ (Shock) লাগি তেওঁ অজ্ঞান হৈ বাগৰি পৰিল। এনেদৰে ‘লীডেন্ জাৰ' আবিষ্কাৰ হ'ল। কিছুমানে লীডেন চহৰৰ মুচেন ব্ৰোক (Muchen Broeck) নামে বৈজ্ঞানিক এজনে ইয়াক আবিস্কাৰ কৰা বুলি কয়। এই লীডেন জাৰ বহল মুখৰ কাঁচৰ বটল এটা। বটলৰ ভিতৰ আৰু বাহিৰ কিছু অংশলৈকে ৰাং পাত দি মেৰিওৱা থাকে। বটলৰ মুখত এটা কুঁহিলাৰ সোপা ( Cork ) লগোৱা থাকে। তাৰ পিচত পিতল বা তামৰ এডাল মাৰি সোপাৰ ভিতৰেদি বটলৰ তলৰ ৰাং পাতত লগাই ৰথা হয়। মাৰি ডালৰ বিদ্যুৎ যাতে বতাহলৈ যাব নোৱাৰে তাৰ কাৰণে তাৰ আগত এট। পিতলৰ বল লগোৱা থাকে। সাধাৰণতঃ ইৰাকে বিদ্যুৎ সংগ্ৰাহক লীডেন জাৰ কোৱা হয় বেঞ্জামিন্ ফ্ৰেঙ্কলিনে ( Benjamin Franklin ) এই লীডেন জাৰৰ সৈতে ভালেমান পৰীক্ষা (Experiment) কৰিছিল৷ তেওঁৰ বিখ্যাত পৰীক্ষা হ'ল বিজুগী ( Lightning ) যে বিদ্যুৎ (Electricity ) তাকে প্ৰমাণ কৰি দেখুৱা। তাকে প্ৰমাণ কৰি দেখুৱাবলৈ ১৭৫২ খৃষ্টাব্দত এটা চিল! ( Kite ) সাজি চিলাৰ গাত এটা গজাল বান্ধি তাৰ লগত চিলাটোৰ সূতা জোৰাই দিছিল। মেঘ দেখা দিলত তেওঁ চিলাটে। উৰাই দিলে।