পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ পৰে। বিদ্যুৎ উৎপন্ন হয় মনত ৰথা টান হৈ মোটতে যি বস্তুৰে ঘাঁহা যায় তাৰ ওপৰত উৎপন্ন বিদ্যুতৰ জাতি নিৰ্ভৰ কৰে। চুম্বকৰ যেনেকৈ দুটা মেৰু আছে, বিদ্যুতৰে৷ তেনেকৈ দুটা জাতি আছে। চুম্বকৰ একে মেকৰে যেনেকৈ পৰস্পৰক বিকৰ্ষণ কৰে, একে জাতীয় বিদ্যুতেয়ো ঠিক সেইদৰে বিকৰ্ষণ কৰা দেখা যায়। যদি আমি কাঁচৰ ৰড্ ( rod ) এডাল এটুকুৰা চিল্ক কাপোৰেৰে ঘহেঁ৷ তেন্তে কাচৰ-ৰৰ্ডত ‘পজিটিভ' বিজুলী উদ্ভব হয় আৰু যদি মম। এখণ্ডক ফ্লেনেল কাপোৰ এখনেৰে ঘহেঁ৷ মমত 'নেগেটিভ' বিজুৰী উদ্ভৱ হব। কাঁচৰ-ৰঙ, আৰু মম খণ্ড উভয়ে সৰু সৰু কাকতৰ টুকুৰা গছ পাত আদিৰ ওচৰত ধৰিলেই নিজৰ গালৈ আকৰ্ষণ কৰি আনে। তথাপি তাহাতত উৎপন্ন হোৱ৷ বিজুলী পৃথক পৃথক। যদি দুটা একে প্ৰকাৰৰ বিদ্যুতেৰে চাৰ্জ বস্তুৰ এটাৰ ওচৰলৈ আনটো আনিবলৈ চেষ্ট৷ কৰা যায় তেন্তে সিহঁতে ওচৰ চাপিবলৈ সৈমান নহয়। কাৰণ একে প্ৰকাৰৰ চাৰ্জবস্তু দুটাৰ এটাই আনটোক আঁতৰলৈ পঠাবলৈ চেষ্টা কৰে। কিন্তু বেলেগ প্ৰকাৰৰ বিদ্যুতেৰে চাৰ্জ (charged ) বস্তু দুটাৰ এটাই আনটোক ওচৰলৈ টানি আনে। ৭৬ ১৭২৯ চনত ষ্টিফেন গ্ৰে ( Stephen Gray) নামে আন এজন বৈজ্ঞানিক বিদ্যুৎ সম্বন্ধে নতুন তত্ত্ব এটা আৱিস্কাৰ কৰিলে। তেওঁ ৰীক্ষা কৰি পাইছিল যে বিজুলী কোনো ধাতু ব্যৱহাৰ নকৰাকৈ চিল্ক সংযুক্ত পাতৰ স্বতাৰে প্ৰায় হাজাৰ ফিট্ বোৱাই নিব পাৰি। তাৰ পিচত তেওঁ উলিয়ালে যে কাঁচৰ এক অংশক ঘঁহি যেতিয়া বিদ্যুৎ উৎপন্ন কৰা হয়, তেতিয়া সি সেই ঘ’হা অংশতে স্থিৰ হৈ থাকে; আন অংশত বিদ্যুতৰ চিহ্ণ মাত্ৰও দেখা নাযায়। এনেদৰে ভালেমান পৰীক্ষ৷ কৰি তেওঁ উলিয়ালে যে কাঁচ, কাগজ, ৰবাৰ প্ৰভৃতি বস্তুবোৰ বিদ্যুত অপৰিচালক ter ) অৰ্থাত্ সেইবোৰ বস্তুৰ ভিতৰেদি বিদুৎ চলাফিৰ৷ কৰিব নোৱাৰে। কিন্তু পানী, ধাতু প্ৰভৃতি দ্ৰব্য লৈ পৰীক্ষা কৰি ইয়াৰ ওলোটাটো পালে। এইবোৰৰ কোনো অংশত বিদ্যুৎ উৎপন্ন কৰিলে, ক্ষন্তেকতে সি সকলো অংশতে বিয়পি পৰেগৈ। গ্ৰে চাহাবে তাৰ নাম দিলে পৰিচালক (conduc- tox), বৈজ্ঞানিক সকলৰ মতে জীৱ, দেহ আৰু ধাতু মাত্ৰেই পৰিচালক। ইহঁতৰ ভিতৰেদি বিদ্যুৎ অবাধে চলাফিৰ৷ কৰিব পাৰে। কাঁচ, কাগজ আদি বস্তুবোৰ বিদ্যুতৰ অপৰিচালক। কিন্তু সম্পূৰ্ণ পৰিচালক আৰু সম্পূৰ্ণ Non conduc