পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ ৰাজকীয় বিষয়ক আলোচনাৰ ভাগ লৈছিল। অনেক ৰাজকাৰ্য্যত কুঁৱৰীসকলৰ ক্ষমত৷ চলাৰ উদাহৰণ আছে। তেনেকুৱ। কেইবা গৰাকীও কুঁৱৰীয়ে ৰজাৰ বৰ্ত্তমানত আৰু অবৰ্ত্তমানত ৰাজ্যৰ শাসন-ভাৰ গ্ৰহণ কৰিছিল। আহোম ৰমণীসকলবৰ তেজীমনা, বুদ্ধিমতী আৰু চৰিত্ৰৱতী আছিল; — পতিবৈৰী তুৰ্ব্বক সেনাপতিক স্বহস্তে প্ৰতিশোধ দিবৰ হেঁপাহত ৰণলৈ যোৱা মূলাগাভৰ নামেৰে বৰগোঁহাঞি ডাঙ্গৰীয়াৰ বিধবা ডাঙ্গৰীয়ানী, স্বামীৰ মঙ্গলাৰ্থে প্ৰাণ উদ্বৰ্গ। কৰা মহাসতী জয়মতী কুঁৱৰী, পৰোপকাৰ ব্ৰতত প্ৰাণপণ কৰা জ্ঞানৱতী লৰা-ৰজাৰ মাতৃ ৰাজমাও এই সকলেই তাৰ জলন্ত পটন্তৰ। 18*81 অনাহূত ছন্দহীন জীৱনৰ পদূলি মুখত কাৰ আজি শুভ আগমন কাৰ স্নিগ্ধ পৰশত হল মুখৰিত ভাষাহীন কাব্য তপোবন। তাহানি এদিন, দীন কবি কাননত শুনিছিলোঁ ৰাগিণী হিন্দোষ, যি মহান অনবদ্য গীতৰ লয়ত কঁপিছিল সপ্তৰ্ষি মণ্ডল; নাচিছিল লয়লাসে গোপন কক্ষত ছন্দময়ী কাব্য মনোৰম', কৰিছিল মধুময় বিলাই প্ৰাণত অপৰূপ সৌন্দৰ্য্য সুষমা। সুন্দৰৰ ধ্যানমূৰ্ত্তি অন্তৰ্দ্ধান আজি নাই সেই আৰাধ্য দেৱতা, আচম্বিতে আহি কোনেকৰিলে মুখৰ প্ৰাণৰ নিবিড় নীৰৱতা।