পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যুৎ (Shock ) লগাইছিল। প্ৰথমতে এই প্ৰচেষ্টা যদিও বেয়া বুলি মানুহৰ ধাৰণ৷ আছিল আজিকালি তেনে বেমাৰত বিদ্যুৎ-শক্তি প্ৰয়োগ কৰা দেখা যায় আৰু ইলেকট্ৰো মেডিকেল বিজ্ঞানৰ তাক এটা অংশ বুলি ধৰে। 90 এশ বছৰৰ আগতে ১৮৩১ চনৰ আগষ্ট সহিত মাইকেল ফোদে (Michael Faraday )উলিয়ালে চুম্বকৰ সাহায্যত কেনেকৈ বিদ্যুতৰ আবিৰ্ভাব হয়। এদিন তেওঁ বৈজ্ঞানিক পৰীক্ষাগাৰত এখণ্ড চুম্বক লৈ পৰীক্ষা কৰি থাকোতে থাকোতে দেখিলে যে দুয়োমূৰ একত্ৰ কৰি লগ লগোৱা এক খণ্ড তামৰ তাৰ'ৰ ওচৰত যদি এখণ্ড চুম্বক লোহা অনা নিয়া কৰা যায়, তেন্তে মুহূৰ্ত্তৰ কাৰণে সেই তামৰ তাৰত ক্ষীণ বিদ্যুৎ-তৰঙ্গৰ সৃষ্টি হয়। ইলেকট্ৰো ডায়েনেসিক’ আবিস্কাৰৰ মূলতে ফেৰাদেৰ প্ৰতিষ্ঠিত এই তথ্য। ইয়াকে সহজ বাবে বুজাবৰ কাৰণে ফ্ৰোদে সক যন্ত্ৰ এটা সাজিছিল আৰু সেয়ে তেওঁৰ প্ৰথম ‘যেগ্‌ নেতো ইলেক্‌ট্টিকেল যন্ত্ৰ। ইয়াৰে তেওঁ দেখুৱাইছিল—কেনেকৈ চুম্বক আৰু তামৰ তাৰৰ সংস্পৰ্শত বিদ্যুতৰ আবিৰ্ভাব হয়। আজি যি বিজুলী পোহৰ, পাঙ্খা, টেলিগ্ৰাফ, টেলিফোন, ট্ৰাম, আদি বিদ্যুতেৰে চলোৱা দেখিছোঁ তাৰ গুৰিতে ফেৰাদেৰ সেই সামান্য আবিস্কাৰ। সামান্য ধাতু এটুকুৰা ফেৰাদেৰ হাতত পৰি এই বিজুলী ব্যৱসায় আজি ভীষণ আকৃতি ধাৰণ কৰিছে। বিজুলী প্ৰবাহ প্ৰথমতে আবিষ্কাৰ কৰিছিল ৱটোভন্ গোৱাৰিকে (Olto Von Guericke ) | ১৬৫০ খৃষ্টাব্দত কম্বাৰচাম . (Combursome) নামে এবিধ যন্ত্ৰ উলিয়ায়। তাত তেওঁ গন্ধকৰ বল এটা মাৰি এডালত তুলিলৈ পৰীক্ষা কৰিছিল। গন্ধকৰ বলটে৷ মাৰিডালত সামান্য ভাবে হেঁচি ধৰি মাৰিডাল ঘূৰাওঁতে ঘূৰাওঁতে বিদ্যুৎ-প্ৰবাহ উৎপন্ন হৈছিল। উলিয়'ইছিল কেনেকৈ এডাল ধাতু নিৰ্ম্মিত শিকলিৰে গন্ধকৰ বলটোৰ পৰা বিদ্যুৎ প্ৰবাহ আন ঠাইলৈ বোৱাই নিব পৰা হয়। তাৰ পিচত তেওঁ তেওঁৰ পিচতে চাইমাৰ ( Symmer) নামে বৈজ্ঞানিক এজনে উলিয়ালে বিজুলী ছবিধ৷ এবিধ ( Positive ) আনবিধ (Negative )। পজিটিভ আক নেগেটিভ বিদ্যুতৰ সমন্ধয়ো সেইদৰে ওভোভাটে॥ কাঁচৰ বিদ্যুতক ‘নেগেটিভ’নকৈ ‘পজিটিভ’ 'কিয় কোৱা হয় তাৰ কোনো কাৰণ নাই। দুই প্ৰকাৰৰ বিদ্যুতৰ বিপৰীত গুণ প্ৰকাশ কৰিবলৈ এটাক ‘পজিটিভ’ আৰু আনটোক ‘নেগেটিভ' কোৱা হয়। কোন বস্তুক কিহেৰে ঘঁহিলে কোন বিধ