পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যুৎ এই পাজি কটা তিৰোতাসকলে অজানিত ভাৱে ভালেমান কালৰ পৰ৷ বিজুলী যন্ত্ৰ এটা চলাই আহিছিল। তেনেদৰে হাজাৰ হাজাৰ বছৰ আগেয়ে ভেৰা- ৰখীয়া সকলে শিলৰ নৰম গুৰিবোৰ অমাৰ্জিত লোহাৰ জেঙিবোৰত লাগি থকা প্ৰায় দেখিবলৈ পাইছিল আৰু সেই বোৰলৈ† কেৱল; আচৰিত ভাবে লক্ষ্য: কৰিছিল মাত্ৰ। 99 উল্লিখিত কথাবোৰৰ ভিতৰত দুটা শক্তি নিহিত আছে। এটা বিদ্যুৎ (Electricity) আৰু আনটো (Magnetism)। ইয়াৰ প্ৰভাৱতে আজি পৃথিবীত নান৷ অদ্ভুত অদ্ভুত কাম সম্পন্ন হব ধৰিছে। চুম্বক-শিল বা অকৃত্ৰিম-চুম্বক এক প্ৰকাৰ ধোঁৱ৷ বৰণীয়া কলা লোহাময় খনিজ পদাৰ্থ বিশেষ। ঠিক কোন সময়ত পৃথিবীৰ কোন ঠাইত পোন প্ৰথমতে ইয়াৰ আবিস্কাৰ হৈছিল নিশ্চয়কৈ কোৱ৷ টান, কিন্তু ভিন ভিন দেশত এই সম্বন্ধে নানা গল্প আছে। গ্ৰীকবোৰৰ প্ৰচলিত গল্প মতে গেগ্‌নেচ্ (Magnes ) নামে ভেৰাৰপীয়া এজ়নে ইজ্ানামে পৰ্ব্বতত ভেৰা চৰাই থাকোতে ইয়াক আবিষ্কাৰ কৰিছিল। ভেৰাৰ পিচে পিচে পৰ্ব্বত বগাই বগাই ভাগৰ লগাত সি পৰ্ব্বতৰ এঠাইত এদিন শুই পৰে আৰু হাতত থকা ভেৰা-ৰথা মাৰিডাল শিল এটাৰ গাত আঁওজাই থয়। মাৰি ডালৰ এমুৰত তাৰ গোহ৷ লগোৱা আছিল। টোপনিৰ পৰা উঠি মাৰিডাল আনিব খোজোতে দেখিলে যে মাৰিডালশিলটোৰ গাত দৃঢ় ভাবে লাগি আছে। এই কথা বৈজ্ঞানিকসকলৰ কাণত পৰিণত তেওঁলোকে নানা পৰীক্ষা কৰি লোহ৷ আকৰ্ষণ কৰা শিল আবিস্কাৰ কৰিলে। ভেৰাৰখীয়া যেগ- নেচৰ নাম অনুসৰি তেতিয়াৰ পৰ৷ নাম হ'ল যেগ্‌নেট, ষ্টোন (Magnet Stone ) প্ৰাচীন মিচৰবাসী সকলেও যে চুম্বক শিল্পৰ লোহাৰ প্ৰতি আকৰ্ষণ থকা কথা জানিছিল তাৰ বহু ক্ষেত্ৰতে প্ৰমাণ পোৱা যায়। ইজিপ্টৰ ৰজা টলেমীয়ে আৰ্চিনো (Arsino! নামে থেচ দেশীয় গাভৰু এগৰাকীক বিয়া কৰায়। ঘৈণীয়েকৰ স্নেহৰ স্মৃতি ৰক্ষাৰ্থে টলেমীয়ে পৃথিবীৰ সেই কালৰ শিল্পী সকলক মাতি এই মন্দিৰ নিৰ্ম্মাণ কৰিলে। সেই মন্দিৰৰ লগতে চুম্বক নিৰ্ম্মিত এটা সেতু এনে ভাবে সজালে যাৰ দ্বাৰা আক? আৰ্চিনোৰ লোহাৰ মূৰ্ত্তি এটা শূন্যতে ওলমি থাকে। প্ৰথমতে চাইনিজবোৰেও চুম্বকাৰ্ষণ শক্তি আবিস্কাৰ কৰি কামত লগাইছিল। তেওঁলোকে উত্তৰ আৰু দক্ষিণ মেক' আবিষ্কাৰ হোৱাৰ বহুদিন আগতে চুম্বকেৰে দিক নিৰূপণ যন্ত্ৰ সাজি ( Compass) জাহাজ আদি চলোৱা o