পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্যৰ স্বৰূপ সমগ্ৰ হিচাপে পূৰ! সত্যটে৷ এতিয়াও এটা ৰহ্য মাথোন। এই ৰহস্য, এই mystery ব্যংগা কৰা অসম্ভৱ; ই. কেৱল উপলব্ধিৰহে বিষয়। এই ৰহস্ত অনুভূতিটোও মানুহৰ হৃদয়ত ক'ম বেছি আছেই, এই অনুভূতিৰ ফলতে mystic কবিতাৰ বিকাশ। প্ৰেম ভাৱটো নিজেই ৰহস্য পৰিপূৰ্ণ, গতিকে উত্তম কবিত৷ মাত্ৰকেই ক'ম বেছি পৰিমাণে mystic লক্ষণৰ। “হে ঈশ্বৰ ৰক্ষা কৰ৷ মোক মই অতি পাপী নৰাধম!” এই ফাকি ঈশ্বৰক কোৱা কথা হলেও, mystic নহয়, কাৰণ এই কথা ফাকিত অন্তৰৰ একো ৰহ্য ভাব নাই। In such a night Stood Dido with a willow in her hand Upon the wild sea banks and waft her love To come again to Carthage. ( Shakespear~~Merchant of Venice ) এই ফাকিত ঈশ্বৰৰ কথা নকলেও—ইয়াত mysticism আছে, ইয়াৰ ভিতৰেদি এটা অনন্ত স্পৃহাৰ ভাব বিৰিঙি উঠে। ৰবীন্দ্ৰনাথৰ :— “আমাৰ এই পথ চাওয়াতেই আনন্দ খেলে যায় ৰৌদ্ৰ-ছায়া বৰ্ষা আনে বসন্ত।” ইয়াত এটা গভীৰ ভাৱৰ তুলন! মনলৈ আহে। শঙ্কৰাচাৰ্য্যৰ :- বালস্তাৱ ক্ৰীড়াসক্তঃ তৰুণস্তাৱং তৰুণীৰ বৃদ্ধাস্তাৱৎ চিন্তামগ্নঃ পৰমে ব্ৰহ্মাণি কোহপি ন লগ্নঃ। এই ফাকি সংসাৰৰ অসাৰত্ন বুজোৱ৷ আধ্যাত্মিক ভাবৰ কথা হলে—ই mystic নহয়, ইয়াৰ প্ৰকাশ-ভঙ্গীয়ে হৃদয়ৰ ৰহস্য তন্ত্ৰীত আঘাত নকৰে; ই অন্তৰৰ প্হ৷ সমুদ্ৰত একো হেন্দোলন নোতোলে; বৰঞ্চ মহাপুৰুষ শ্ৰশঙ্কৰ দেৱৰ :- “তুমি, জগ-জীৱ তোমাক পূজ্বিলে মিলে আপোনাতে যাই যেন মুখ শ্ৰীক প্ৰতিবিম্ব-মুখে দেখিয়া দৰ্পণ চাই॥” (১) এই ফাকিতে Müsticisam অৰ Touch অৰ্থাৎ পৰশ আছে। (১) শঙ্কৰ-সাহিত্য Human-interest ৰ নহয় বুলি উঠিছে। আজিৰ আলোচনাত শঙ্কৰ সাহিত্যলৈ সময় নহল। ক’ব পাাৰ শঙ্কৰ সাহিত্য ধৰ্ম্ম প্ৰচাৰ মূলক সাহিত্য হলেও, এটা তৰ্ক মুঠতে ইয়াকে ১৫ শতাব্দীত