পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহোমৰ সামাজিক কথা লাগিব। সদৌশেহত, দেওধাই পণ্ডিত বা জ্ঞাতিগুৰুৰ আশীৰ্ব্বাদ লৈ, দৰা-কন্যা ভিতৰলৈ যাব। এয়ে চক্‌লঙ্গ চমু প্ৰক্ৰম্। ৰজাৰ বিয়াত চক্‌লঙ্কৰ কাৰ্য্য দৰাৰ ঘৰতহে সম্পাদন কৰাৰ নিম্নম 2 জোৰণ। ৰজাঘৰীয়া জোৰণ হলে, “ৰজাঘৰৰপৰ! তামোল-পাণ ২১ শৰাই আৰু ছোৱালীয়ে পিন্ধিবলৈ কাপোৰ অলঙ্কাৰ ৭ সজুঁলি সহিতে কুকুৰ:- চোৱা চাওডাং, কুকুৰাগেৱ বৰা, বৰুৱা আৰু অন্য ফুকন-বৰুৱা জনদেক দোল-হলীয়া সকলোকে পঠাই দিয়ে; বাপেকে সেই সকল বস্তু-বাহানি চাই- চিতি লৈ গৈ, গঞা-ভূঞা জনদেক চপাই শৰাই যেলি তামোল-পাণ তাতে বাটি দি, বস্তু-বাহনি ভিতৰলৈ নিয়ে। ভিতৰতো কিছু তিৰোতা মামুহ মাতি আনি গোটাই লৈ ছোৱালীক সকলোৰে আগতে কানি-কাপোৰ অলঙ্কাৰ ৭ যোৰ ৭ বেলি পিন্ধায়। দুৱাৰ-ধৰি উলিয়াই আনি বাহিৰত বহা ভকতক সেৱ৷ কৰাই দোলাত তুলি বাপেকো যৌতকত দিব লগা দ্ৰব্য লৈ যাব” (১) ৰজাৰ কন্যাগ্ৰহণ। “ ৰজাই সাতঘৰীয়া আহোমৰ ঘৰৰ যৌৱত ছোৱালী কুঁৱৰী কৰিবলৈ নিয়ে। যদি কোনো শূদ্ৰাদি ফুকন-বৰুৱাৰ ঘৰত ভাল ছোৱালী থাকে, বাপেকেও দিয়ে, অকস্মাৎ তাকো কুঁৱৰী কৰিবলৈ নিয়ে। শূদ্ৰাদি-ঘৰৰ ছোৱালী হলে, হিন্দুমতে বিয়৷ কৰি নিয়ে; আহোমৰ হলে চকলং কৰে। ৰজ লৈ হলে ৰজ ঘৰলৈকে বাপেকে সহিতে ছোৱালী নি চকলং কৰে। ৰজাৰ জীয়াৰী বা অন্য আহোম হলে, ছোৱালী ঘৰৰ হে চকলং কৰিব পায়।" (২) - আহোমৰ বিয়া-প্ৰকৰণ। জে'ৰোণৰ দিনাৰপৰা কন্যাঘৰীয়া- অক দৰাঘৰীয়াৰ ইচ্ছানুযায়ী ৩.৫।৭।৯। ১১ দিনীয়াকৈ পানী-তোলা, নোঙৱা- ধুওৱা কৰি বিয়৷ পত! হয়। আজিকালি আগৰ ডঙ্গবীয় বিষয়। আৰু ভাল ভদ্ৰ আহোমৰ কন্যাক ৰভাস্থলত হিন্দুশাস্ত্ৰ অনুসৰি সম্প্ৰদান নি লৈ, পাচত চকলং কৰা হয়; তাৰ পাছত পুনৰপি ৰভাতললৈ আনি, ৰাইজক সেৱা কৰাই, দৰা-কন্যাক পুৰোহিতৰ মুখে আশীৰ্ব্বাদ বাণী শুনোৱা হয়। j আহোমসকলে, সিবিলাকৰ ব্ৰহ্মী পিতৃপুৰুষসকলৰ দৰে, তিৰোতাসমাজক বৰ সন্মান কৰিছিল। এতিয়াৰ দৰে আগৰ দিনত সিবিলাকৰ 'পৰ্দাত বা আঁৰ প্ৰথাৰ প্ৰচলন নাছিল। ৰাজমাওসকলে সততে ৰাজসভাৰ মন্ত্ৰীসকলৰে সৈতে (১), (২)—ৰায়বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত “দেওধাই বুৰঞ্জী”ৰ অন্তৰ্গত “বিবিধ খঞ্জ- বুৰঞ্জী”, ১৩৪ পৃষ্ঠা।