পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
প্ৰৱন্ধ-সংগ্ৰহ

আত্মাৰ স্বভাৱ, হৃদয়ৰ প্ৰকৃতি; গতিকে সহানুভূতি বিচাৰি হৃদয়ৰ কথা ভাষাত ব্যক্ত কৰিবৰ চেষ্টাতেই কাব্য-সাহিত্য সঙ্গীত আদি ললিত কলাৰ উৎপত্তি। (সাহিত্য শব্দৰ ব্যুৎপত্তিগত অৰ্থও, — সহিত+ষ্ণ অৰ্থাৎ সহিতত্ব স্থাপন কৰা, লগ-লগোৱা, মিলন ঘটোৱা। এই “মিলন কেৱল ভাবৰ লগত ভাষাৰ, ব্যাকৰণৰ লগত ছন্দৰেই নহয়, — হৃদয়ৰ লগত হৃদয়ৰ, দূবৈৰে সৈতে ওচৰৰ আৰু অতীতৰ লগত বৰ্ত্তমানৰ মিলন।” ( ৰবীন্দ্ৰনাথ ))

 মানুহৰ এই জগতজোৰা মিলনৰ হেঁপাহটো এটা গৰজ নে ধেমালি, দৰ্কাৰ নে অলঙ্কাৰ কিম্বা তাৰ মূলত আৱশ্যকতা নে সৌন্দৰ্য্য — অৰ্থাৎ ইউটিলিটি (Utility) নে বিউটি (Beauty), এই প্ৰশ্নৰ সিদ্ধান্ত আজিৰ এই ক্ষুদ্ৰ প্ৰৱন্ধত কৰিবলৈ যোৱাটে৷ ধৃষ্টতা মাথোন। আচল জীৱন-সংগ্ৰামত ৰবীন্দ্ৰ- নাথৰ “সোণাৰ তৰী”তকৈ যে “ৰণ-তৰীৰ”হে মূল্য লক্ষ্যকোটি গুণে বেচি তাক কিজানি স্বয়ং ৰবীন্দ্ৰনাথেও স্বীকাৰ কৰিব। অথচ-

“গগনে গৰজে মেঘ ঘনবৰষা
কূলে একা বসে আছি নাহি ভৰসা।”

বুলি হৃদয় সমুদ্ৰৰ পাৰত যিখন সোণৰ নাও বান্ধি কবিবৰে বাট চাই আছেগৈ সেইখন হে মানুহৰ অজান পাৰৰ নিমিত্তে হৃদয় তৃষ্ণায় আকুলতা ধানেৰে ভৰি থকা চিৰকলীয়া সোণৰ নাও। কাব্য সাহিত্য-ললিত কলা সকলো ক্ষেত্ৰতে জীৱন-সংগ্ৰামৰ অস্ত্ৰ নহব পাৰে কিন্তু জীৱন লীলাৰ চিৰ সহচৰী৷ আন পক্ষে জীৱনটে৷ বাস্তৱিকতে সংগ্ৰামেই নে লীলাই সেই কথাৰ আজিও শেষ সিদ্ধান্ত নাই,— যিটোক প্ৰাচ্য ঋষিয়ে অন্তদৃষ্টিৰে লীলা বুলি কৈছে; সেই- টোকে প্ৰতীচ্য বৈজ্ঞানিকে হয়তো খণ্ড দৃষ্টিৰে ‘সংগ্ৰাম’ বুলিছে।

 ইমান পৰে যিমান খিনি কথা কোৱা হল, তাৰ পৰা এইটো বোধকৰোঁ বুজিব পৰ৷ হৈছে যে, জীৱনৰ সীমাবদ্ধতাৰ ফালৰপৰা চালে কাব্য সাহিত্য ললিত কলাৰ প্ৰয়োজন কম হলেও জীৱনৰ অসীমতাত তাৰ এটা গভীৰ প্ৰয়োজন গম নোপোৱাকৈয়ে বৰ্ত্তমান। (ভাবুকপূবৰ কাৰ্লাইলে (Carlyle) ইংৰাজক প্ৰশ্ন কৰিছে—“You English, would you give up your Indian Empire or Shakespear?” অৰ্থাৎ “ইংৰাজ, তুমি ভাৰত সাম্ৰাজ্যৰ পৰিবৰ্তে ছেক্সপিয়েৰক এৰি দিবানে?” তাৰ উত্তৰত তেওঁ নিজেই কৈছে :—‘‘Indian Empire will go at any rate some day, but our Shakespear does not go, he lasts for ever with us."