পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
প্ৰৱন্ধ-সংগ্ৰহ

আছে। এটা অস্তিত্ব ৰক্ষা বা আত্মৰক্ষাৰ চেষ্টা (Struggle for existence ) আনটো আত্ম প্ৰকাশৰ আবেগ ( Craving for self-expression).

 পক্ষী জগতলৈ চাওক। কুলি চৰায়ে তাৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে জীৱন সংগ্ৰাম কৰে,—কাউৰীৰ বাঁহত কণী পাৰে, আৰু পোৱালী পাখি নগজে মানে কাউৰীৰ বাঁহত চকুমুদি সোমাই থাকে, চকু ফুটিলেই ভুৰং কৰে উৰা মাৰি গুচি যায়, আৰু তাৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে আহাৰ পানী যি দৰ্কাৰ সকলো চেষ্টা কৰি নিজে গোটাই লয়। এইটো হ'ল তাৰ জীৱন সংগ্ৰাম;— —এই জীৱন-সংগ্ৰামকে কুলি চৰাইৰ পূৰা পৰিচয় পোৱা নাযায়, কাৰণ এই জীৱন- সংগ্ৰাম সকলো চৰায়েই নিজৰ নিজৰ মতে কৰে, — তাক আমি 'কোকিল' বুলি জানো কেতিয়া? যিদিনা সি বসন্তৰ দূতৰূপে আমৰ ডালত পৰি ঠেও ধৰি অমিয়া বৰষা মাত দিয়ে – কু–উ! যেতিয়া সি ৱৰ্ডচ্ৱাৰ্থৰ ভাষাৰে “A voice, a mystery” আৰু “an unsubstantial being.” অৰ্থাৎ এটা ধ্বনি এটা প্ৰহেলিকা বা এটা অশৰীৰি প্ৰাণীত পৰিণত হৈ যায় গৈ; সেই দিনাই হল তাৰ আত্মপ্ৰকাশ। এই আত্মপ্ৰকাশত তাৰ প্ৰাণৰ আবেগ- আনন্দ বৰ্ত্তমান। এইটে৷ তাৰ প্ৰেমৰ মাত। এইদৰে সকলো চৰাই আক জীৱৰে একে কথা।

 মানুহ কিন্তু কেৱল পশু নহয়, আধ্যাত্মিক অৱশ মানুহৰ বেচি, গতিকে মানুহৰ যি আত্মপ্ৰকাশ, সি আনন্দৰ প্ৰকাশ, তাক চৰাই চিৰ্কতিৰ দৰে মৌখিক ধ্বনি বা শব্দ কৰিয়েই শেষ কৰিব নোৱাৰে,— মানুহে তেওঁৰ আনন্দ প্ৰকাশ কিম্বা আত্মপ্ৰকাশতো দীৰ্ঘস্থায়ী আৰু অনেক সময়ত চিৰস্থায়ী কবিবলৈ বিচাৰে। কুলিয়ে আমৰ ডালত পৰি ‘কু-উ, কু-উ’ কৰিলে তাতে তাৰ আনন্দ প্ৰকাশ শেষ হৈ গল। মানুহৰ দৰে সি তাৰ সেই ধ্বনি- টোকে সি নহলেও লোকে শুনিব বুলি গ্ৰামোফনত “ৰেকৰ্ড” কৰাই থবলৈ নিবিচাৰে। মানুহে কিন্তু এটা শুৱলা মাতৰ গান গাই, তাকে আকৌ কিতাপত লিখি, গ্ৰামোফনত ৰেকৰ্ড কৰিহে ক্ষান্ত দিয়ে। কোনো জন্তুৱে কিবা এটা সুখ বা দুখ পালে সি নিজেই অনুভৱ কৰি ক্ষান্ত থাকে, মানুহে কিন্তু মনত কিবা এটা বেজাৰ বা আনন্দ পালে তাক আৰু দহজন লগৰীয়া বা ওচৰ চুবুৰীয়াক নকয় মানে সকাহ নাপায়। আনন্দই হওক বা বেজাৰেই হওক, তাক বিলাই দিহে যেন সুখ পায়; অৰ্থাৎ চমুকৈ কলে মানুহে আন জন্তুতকৈ বেচি সহানুভূতি বিচাৰে। সহানুভূতি বিচৰাটোৱেই