পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
প্ৰৱন্ধ-সংগ্ৰহ

কাব্য সাহিত্য আদিৰ মানুহৰ ঐহিক শ্ৰীবৃদ্ধি সাধনৰ কাৰণে প্ৰয়োজন একো নাই। (“কবি” নামৰ এদল উতনুৱা (Eccentric) মানুহৰ সময়ৰ অসদ্ব্যৱহাৰত বাজে সাহিত্যৰ, ঘাইকৈ কাব্য বা কবিতাৰ আৱশ্যকতা তেওঁলোকে একো নেদেখে। তাহানি কবি Cowper এ তেওঁৰ কুকুৰটোৱে চৰাই এটা মৰাত তাক ভৰ্ৎসনা কৰোতে, সি যেনেকৈ কবিক ওলোটাই ভৰ্ৎসনা কৰিছিল— “সৰু চৰাই (Tiny bird ) এটা মৰাত মোৰ বৰ দোষ ধৰিলে কিন্তু মহাশয়, আপুনি যে ছন্দ ৰচনাত ইমান সময় নষ্ট কৰি থাকে সেই বিষয়ে আপোনাৰ কবলৈ কি আছে?” “Sir, what do you think of killing time by writing verses?” আজি সেই Cowperৰৰ কুকুৰটোৰ কথাই সভ্য জগতত বহুতৰ মুখে উচ্চৈস্বৰে ঘোষিত হোৱা নাইনে বাৰু?

 অথচ, ঘিয দেশত কাব্য-সাহিত্য নাট্যকলা আদি আৰ্ট (Art) নাই, সেই দেশত সমাজ থাকিব পাৰে, কিন্তু সভাতা নাই। মানুহক সামাজিক কৰিবলৈ যেনেকৈ নীতি-শিক্ষাৰ দৰ্কাৰ, তত্ত্ব বুজিবলৈ বিজ্ঞান দৰ্শনৰ দৰ্কাৰ, মানুহৰ মনত সুন্দৰৰ ভাৱ উদ্ৰেক কৰিবলৈকো সেইদৰে কাব্য সাহিত্য নাট্য কলা আদি আৰ্টৰ আৱশ্যকতা দেখা যায়। প্ৰাণীক এৰি যেনেকৈ প্ৰাণৰ অস্তিত্ব উলিৱা অসম্ভৱ, সুন্দৰ নহলেও তেনেকৈ সৌন্দৰ্য্যৰ সাক্ষাৎ পাব নোৱাৰি। ৰস-সাহিত্য বা কাব্য কলাই এই সুন্দৰকে মাথোন নয়ন গোচৰ কৰি দিয়েছি, সেই দেখি সৌন্দৰ্য-সৃষ্টি বা সাহিত্য সৃষ্টি কৰা মানে নিজৰ মনোভাব বিলাককে ৰূপ দি সাকাৰ আৰু সুগঠিত কৰা। (ৰোমা ৰোলাঁই (Romain Rolland ) এই কাব্য কলাৰ স্ৰজন শক্তিৰ কথা কৈছে—“The effort necessary to dominate and concentrate one's own passion into a clear and beautiful form.” তথাপি এই এটা প্ৰশ্ন প্ৰায়েই শুনিবলৈ পোৱা হৈছে— Whether act is a necessity or an ornament? অৰ্থাৎ কাব্য-সাহিত্য আদি ললিত কলা মানুহৰ এটা দৰ্কাৰ নে অলঙ্কাৰ?/

 “দৰকাৰ”—যিটো ইংৰাজীত Necessity বোলে সি সাধাৰণতে জীৱন যাত্ৰাৰ উপকৰণক বুজায়; আৰু ‘অলঙ্কাৰ’—যাক ইংৰাজীতে Ornament বা Luxury বুলিব পাৰি৷ সি সাধাৰণতে জীবিকা নিৰ্ব্বাহৰ বাহিৰা অতিৰিক্ত এটাক বুজায়। এট। কথাৰে, ‘দৰকাৰ’টোক আত্মৰক্ষাৰ আৰু ‘অলঙ্কাৰ’ টোক আত্মপ্ৰকাশৰ আহিলা বুলিব পাৰি। মানুহৰ অস্তিত্ব ৰক্ষ৷ কিম্বা