পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ বিলাকেই সাহিত্য॥ ইত্যাদি ভুবি ভুবি Definition বা সংজ্ঞা আছে, তথাপি এইবোৰত সাহিত্যৰ পূৰ্ণ স্বৰূপ উদঘাতিত হোৱা নাই। আধুনিক Literary ক critical method অৰ্থাৎ সাহিত্যিক প্ৰণালীৰ সমালোচনাৰ পৰ| সাহিত্যৰ স্বৰূপ বুজিবলৈ ক্ৰমে শুবিধা হৈছে। অনেকে কয় সনাতন সত্য প্ৰকাশ কৰিব পৰা ৰচনাই সাহিত্য কিন্তু সনাতন সত্য কি? অনন্ত ব্ৰহ্মৰ সনাতন সত্যৰ কথ৷ এৰি, জাগতিক ভাবে সনাতন সত্যতো বহুত আছে। ২+২ = ৪ দুইয়ে দুইয়ে চাৰি, এইটোও জানো এটা সনাতন সত্য নহয়? পৃথিবীৰ নানা পৰিবৰ্তন ঘটা সত্ত্বেও, সাগৰ পৰ্ব্বত, নগৰ সাগৰ হোৱা সত্বেও জানে৷ এই সত্যটে। একদেৰে থকা নাই? তেন্তে শুভঙ্কৰী ধাৰাপাত বা পাটীগণিতো উৎকৃষ্ট সাহিত্য হয় নে নহয়? ২ x ২ = ৪ দুইয়ে দুইয়ে চাৰি হোৱ৷ সত্যটোৰ দৰে জ্যামিতি, বীজগণিতৰ সত্যবিলাকে। সনাতন সত্য হলেও, এইবিলাক মানুহৰ হৃদয়ৰ সত্য (Inner Truth ) নহয়, অৰ্থাৎ এই সত্যবিলাকে এবাৰ জানি লোৱাৰ পিচত নিতৌ নতুন নতুন হৈ মানুহৰ মনত আবেগ-উদ্বেগ, বিস্ময়-আনন্দ উৎপাদন নকৰে। একেষাৰ কলে They do not appeal to the emotion) অৰ্থাৎ সিহঁতে মানুহৰ মনত ৰসৰ লহৰি নোতোলে। কিন্তু সাহিত্যৰ কথা বেগেল। সীতাৰ বনবাস আৰু অগ্নিপৰীক্ষা, নিৰ্ব্বাসিত যক্ষৰ বিৰহ বেদনা মেঘদূত, দুমন্ত-শকুন্তলা ৰোমিও জুলিয়ে প্ৰেমৰ কথা,—- ( Oedipus) অডিপাচৰ নৰ্ম্মভেদী হাহাকৰ চেটানৰ (Satan Paradise lost! নিজৰ মনতে গুৰি-গুমৰি থকা মনকষ্ট আৰু ক্ষোভ,-এই বিলাকে সিহঁতৰ সৃষ্টিৰ প্ৰথম দিন। মানুহৰ মনত যি বিস্ময় আনন্দ উৎপাদন কবিছিল, আজিও সেই বিস্ময় আনন্দকে উৎপাদন কৰিছে আৰু আগলৈকে কৰিব। (প্ৰকৃত সাহিত্যৰ প্ৰধান লক্ষণ এই চিৰন্তনতা (Permanence) i, এই কথাৰ পৰ৷ এইটে। স্পষ্টকৈ বুজিব পাৰি যে, মানুহৰ হৃদয়ৰ চিৰন্তন সুখদুগ্ধ, আৱেগ-উদ্বেগ, আশা-আকাঙ্খা, বিৰহ-বেদনা, — এই বিলাকেই সাহিত্যৰ উপাদান আৰু এই বিলাক ভাৱৰ উদ্ভৱ হৈছে মানুহৰ অন্তৰৰপৰ৷ / মানুহৰ চাৰিওফালৰ বিশ্ব প্ৰকৃতি আৰু মানৱ চৰিত্ৰৰ ঘাত-প্ৰতিঘাতত অতিকে বিশ্বপ্ৰকৃতি আৰু মানৱচৰিত্ৰ এই দুইটা লৈয়েই সাহিত্য। যদিও মানৱ চৰিত্ৰ, আৰু বিশ্ব প্ৰকৃতি এই দুইটা লৈয়ে সাহিত্য