পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্যৰ স্বৰূপ নাই। সেইকাৰণে ময়দাই শৌচ কচা কৰে আটাগুৰিত ভাইটামিন আৰু চেলুলজ খকাব কাৰণে ই বেচি সোৱাদ আৰু অধিক পুষ্টিকাৰক। ই খোলোচ৷ কৰে। . সাহিত্যৰ স্বৰূপ সাহিত্য কাক বোলে, সাহিত্যৰ স্বৰূপ কি, এই কথা বুজোতে বুজোতেই সাহিত্য জগতত বহু যুগ অতীত হৈ গৈছে, তথাপি অতি কম মানুহে হে আজি- লৈকে তাৰ স্বৰূপ বুজিছে; আৰু বুজাবলৈ সমৰ্থ হৈছে। আগৰ ডোথৰত Form বা বহিৰাক্বতি লৈয়েই বহুত আলোচনা হৈ গল; কিন্তু সেইবোৰৰ দ্বাৰ৷ সাহিত্যৰ স্বৰূপ ৰসৰ আস্বাদন কৰাটো সম্ভৱ নাই। ভাষা ( Language ), লিখন ৰীতি (Style ), বহিৰাক্বতি (Form), নাট বা বাক্যৰ গঠন (Structure of a drama or a poem), উদ্দেশ্য (aim of a work of art ) এই বিলাক কথা বিশ্লেষণ কৰি অনেক সাৰগভ আক. মূল্যবান কথা উলিয়াব পাৰিলেও, সাহিত্যৰ স্বৰূপ এই বিলাকত ধৰা পৰ৷ নাই। বাক্যং ৰসাত্মকং কাব্যং— এই শ্লোকত কাব্যৰ মূল প্ৰকৃতি বা স্বৰূপৰ এটা ইঙ্গিত আছে যদিও. কাব্য সাহিত্যৰ বহিৰাক্বতি (Forms) লৈহে সংস্কৃত সমালোচক সকলে প্ৰধানতঃ আলোচনা কৰিছে। / ইংৰাজী ভাষাতো সাহিত্য সম্বন্ধে বিশদ আলোচন৷ হৈছে। ইমাচ’ৰ্নৰ ( Emerson) মতে সাহিত্য বা Literature "A record of the best thdughts” অৰ্থাৎ সবিশ্ৰেষ্ঠ চিন্তাৰাশিৰ লিপিবদ্ধ বিৱৰণেই সাহিত্য। Stopford Brookৰ মতে “"The written thoughts and feelings of intelligent men and women arranged in a way that shall give pleasure to the world.” অৰ্থাৎ বুদ্ধিমান আৰু বুদ্ধিমতী পুৰুষ আক ৰাণীৰ মানুহৰ মনত আনন্দ লগাব পৰাকৈ লিখা চিন্ত৷ আৰু অনুভূতি- b