পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ গঠনত যথেষ্ঠ সহায় কবে। কঁঠাল, আম, কল, অমিতা, এইবোৰ কেঁচাইব। আধাপকা অৱস্থাত খালে অম্লস বৃদ্ধি হৈ বহুত মাহৰ পেটৰ অম্বুখ হয়। শুকান নাৰিকল বৰ পুষ্টিকৰ; ইয়াত স্নেহ উপাদান যথেষ্ট আছে। পকা ফলে শৌচ, খোলোচা ৰখাত বব সহায় কৰে। চেনি, গুড়, মিছিৰি আৰু মৌ এইবোৰ আমাৰ প্ৰায় দৈনিক লাগতীয়াল খাঘ। এইবোৰ শৰ্কৰা জাতীয় বস্তু। এই শৰ্কৰা জাতীয় বস্তুৰ পৰাই প্ৰধানতঃ শৰীৰত শক্তি উৎপন্ন হয়। চেনি আৰু গিছিৰিত খাদ্যপ্ৰাণ নেথাকে। গুড় আৰু মৌত ‘খ’ খাদ্যপ্ৰাণ থাকে। গুড় সস্তা দেখিয়েই আমাৰ দেশত ইয়াৰ প্ৰচণ্ণ বেচি। গুড়ত পানী আৰু আমীষ ভাগ বেচি থাকে। মিছিবি সকলোতকৈ বিশুদ্ধ, সেই কাৰণেই ৰোগীক মিছিৰিহে দিয়া হয়। মৌ আটাইবোৰতকৈ সহজে হজম হয়। এই বিশেষ গুণৰ কাৰণেই কেচুৱাক ওপজা মাত্ৰকেই মৌ খুৱাব পাৰি। কোনো কোনো খাঘৰ লগত খাৰ থোৱা অসমীয়াৰ এটা বিশেষত্ব। অসমীয়াৰ এইটৌ অদ্ভূত খাদ্য বুলি বহুত অনা-অসমীয়াই হাহে। চ’দা থাৰতকৈ কলা থাৰ ( Potash ) বেচি উপকাৰী, কাৰণ ই চ'দাতকৈ সহজে শৰীৰত সোমাই তেজৰ খাৰত্ব ৰক্ষা কৰি বহুত ৰোগৰ হাত সৰুৱাই ৰাথে। অতি মাত্ৰাই অম্লপিত্ত থাকিলে তাক দমন কৰে, ৰক্তৰ অম্লভাগ বেচি হলে খাৰে তাক নষ্ট কৰে। পাকস্থলীৰ ঝিল্লীত (Membrane) শ্লেষ্মা বেচি হলে তাক পাতলাই শৌচে লগতে উলিয়াই পেলায়। পাকস্থলীৰ স্নায়ুবোৰৰ উগ্ৰাও কিছু পৰিমাণে দমন কৰে, সেই কাৰণে পেটৰ বিষ আদি কথাই ৰাথে। ই শৌচো খোলোচ৷ ৰাখে— অৱশ্যে টেঙা খোৱাৰ বহুত পাচত খাৰ খালেহে এই গুণ পোৱা যায়। পেটৰ অসুখত খাৰণী কৰি খোৱ৷ অসমীয়া নিয়ম বিজ্ঞান-সন্মত। আটাগুৰি আৰু ময়দা। আটা আৰু ময়দাগুৰি, অসমীয়া খাদ্য নহলেও, আজিকালি চলিবলৈ ধৰিছে। ই শ্বেতসাৰ জাতীয়বস্তু। ইয়াত চাউলতকৈ কিছু পৰিমাণে বেচি আমীষ উপাদান আছে। ময়দাগুবিত ভাইটামিন্ আৰু চেলুলজ, একেবাৰেই