পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্রহ বিজ্ঞ বৃদ্ধ জ্ঞাতিয়ে দৰা-কন্যাৰ সাতপুৰুষৰ চমু বিবৃতি শুনাব। তার অন্তত এটা সোণৰ বা ৰূপৰ বা কাঁহৰ বা পিতলৰ বাতিত ভৰাই দৈ, এৱা গাথীৰ, মৌ, চেনি, ঘিউ মিছলোৱা পঞ্চামৃত দৰাৰ আগত দিব; দৰাই তাৰেপৰা আঙ্গুলি আগত লগাই আনি, মুখলৈ টে'ৱাই, লুঙ্গি পেলাই, খৰিক লৈ, মুখ কুলকুলিয়াই পেলাই, গুৱা মুহুদি কৰিব । সেই অনুক্রমে ২১ বার পঞ্চা- মৃত সুঙ্গি, ২১ ডাল খৰিকা, ২১ চলু পানীলৈ, ২১ খন থুৰিৱ! তামোল চোবাই পেলাব। তাৰ পাচত, ৭ বা ৯ কড়া কড়ি পাটৰ কানি এডুখৰিত টোপোলা বান্ধি, সেই মধ্যস্থগুনে পুনৰপি দৰ:-কন্যাৰ পিতৃ পুৰুষসকলৰ চমু কাহিনী শুনাই, দৃষ্টি পাতনৰ ব্যাখ্যালৈ সোঁৱৰাই, দৰা-কন্য। উভয়কে আধ্যা- ত্মিক উপদেশ দিব;——যেনে, কন্যাৰফাদ্ৰ পৰ৷ এই বুলি বুজনি দিব, আজি আপুনি দৰাদেৱে এই অমূকী কন্যাক অৰ্দ্ধাঙ্গিনী ভাৰ্য্যাৰূপে গ্ৰহণ কৰিছে, সুখ- দুখৰ গৰাকী আপুনিয়েই হৈছে, এই কন্যাৰ মানত গুরু-গোসাঁই আপুনিয়েই, আপুনি প্রতিপাল নকৰিলে পাপে চুব, সকলে৷ পাপ কষ্টৰপৰা ৰক্ষা কৰাৰ গৰাকীও আপুনিয়েই হৈছে। এইদৰে বুজনি দি, দৰাৰ কাণৰ কাষত কড়ি টোপোলা বজাই শুনাব; তাৰ পাচত কন্যাৰফালে বুজা,— আজিৰ পৰা এই পুৰুষদেৱেই তোমাৰ সৰ্ব্বঃদৱত। হল, এওঁক পূজিলেই তোমাৰ সৰ্বদেৱতাক পূজা কৰ৷ হ'ব, এওঁক চেৱাই তো'গাৰ কোনো পূজা-সেৱাই সিদ্ধ এহব, এতেকে এওঁক ভুমি সদার সভত্তিৰে মৰম-বেথা কৰিবাঁ, এওঁ যি কয় তাকে মানিবা, অসূয়া অপ্রীতি নকৰিব৷, পোনাৰ শৰীলতকৈও এওঁক অধিক অদৰ কৰিবাঁ । এই বুজনিৰ অন্বত কন্যাব কণৰ কাৰ্যটে। কড়ি টে'পোলা বছাই শুনব। এই অনুক্রমে দবার প্রতি তিনিবেলি বুজনি কড়ি-টোপোল৷ জেই শুনাব। তাৰ পাচত, দৰাই গ'ৰুচক্ এট। চুই কন্যাকফালে দিব, আৰু কন্যাই এটা চক্ চুই দৰাৰ ফাললৈ দিব। এই ক্ৰিয়াৰ অন্তত দুয়ে!ফাৰপৰা শৰাই দুখনৰ ঢাকেনি গুচাই চোৱাচুই কৰি, দৰাৰ ফালৰ খন কন্যাৰ ফাললৈ আৰু কন্যাৰ ফালৰ খন দৰাৰ ফাললৈ আঁতৰাই থৈ, সেই মৰলৰ ওপৰতে এখন বৰকাঁহী পাতি তাতে দৰা-কন্যাই টেমী-কটাৰী সলোৱ/- পলিকৈ প্ৰীতিখেল কৰিব । তাৰ পাচত, সেই কাঁহীতে এদোন আৰৈ চাউলৰ দ’ম বান্ধি তাৰ মাজত দৰা-কন্যাই পিন্ধি থক৷ আঙ্গঠি দুটা প্রথমে দৰাই লৈ গুজি থব; কন্যাই থেপিয়াই বিচাৰি দৰাৰ আঙ্গঠিটো উলিয়াই নব; নোৱাৰিলে তামোল-পাণেৰে মাতি মাগি উলিয়াই লব; সেই অনুক্রমে দৰায়ো কন্যাৰ আঙ্গঠি লাভ কৰিব