বিজ্ঞ বৃদ্ধ জ্ঞাতিয়ে দৰা-কন্যাৰ সাতপুৰুষৰ চমু বিবৃতি শুনাব। তাৰ অন্তত এটা সোণৰ বা ৰূপৰ বা কাঁহৰ বা পিতলৰ বাতিত ভৰাই দৈ, এৱাঁ গাখীৰ, মৌ, চেনি, ঘিঁউ মিহলোৱা পঞ্চামৃত দৰাৰ আগত দিব; দৰাই তাৰেপৰা আঙ্গুলি আগত লগাই আনি, মুখলৈ টোৱাঁই, সুঙ্গি পেলাই, খৰিকা লৈ, মুখ কুলকুলিয়াই পেলাই, গুৱা মুহুদি কৰিব। সেই অনুক্ৰমে ২১ বাৰ পঞ্চা- মৃত সুঙ্গি, ২১ ডাল খৰিকা, ২১ চলু পানীলৈ, ২১ খন থুৰিৱা তামোল চোবাই পেলাব। তাৰ পাচত, ৭ বা ৯ কড়া কড়ি পাটৰ কানি এডুখৰিত টোপোলা বান্ধি, সেই মধ্যস্থজনে পুনৰপি দৰা-কন্যাৰ পিতৃ পুৰুষসকলৰ চমু কাহিনী শুনাই, সৃষ্টি পাতনৰ ব্যাখ্যালৈ সোঁৱৰাই, দৰা-কন্যা উভয়কে আধ্যা- ত্মিক উপদেশ দিব;——যেনে, কন্যাৰফালৰ পৰা এই বুলি বুজনি দিব, আজি আপুনি দৰাদেৱে এই অমূকী কন্যাক অৰ্দ্ধাঙ্গিনী ভাৰ্য্যাৰূপে গ্ৰহণ কৰিছে, সুখ- দুখৰ গৰাকী আপুনিয়েই হৈছে, এই কন্যাৰ মানত গুৰু-গোসাঁই আপুনিয়েই, আপুনি প্ৰতিপাল নকৰিলে পাপে চুব, সকলো পাপ কষ্টৰপৰা ৰক্ষা কৰাৰ গৰাকীও আপুনিয়েই হৈছে। এইদৰে বুজনি দি, দৰাৰ কাণৰ কাষত কড়ি টোপোলা বজাই শুনাব; তাৰ পাচত কন্যাৰফালে বুজাব,— আজিৰ পৰা এই পুৰুষদেৱেই তোমাৰ সৰ্ব্বদেৱতা হল, এওঁক পূজিলেই তোমাৰ সৰ্ব্বদেৱতাক পূজা কৰা হ’ব, এওঁক চেৱাই তোমাৰ কোনো পূজা-সেৱাই সিদ্ধ নহব, এতেকে এওঁক তুমি সদায় সভক্তিৰে মৰম-বেথা কৰিবাঁ, এওঁ যি কয় তাকে মানিবা, অসূয়া অপ্ৰীতি নকৰিবাঁ, আপোনাৰ শৰীলতকৈও এওঁক অধিক আদৰ কৰিবাঁ। এই বুজনিৰ অন্তত কন্যাৰ কাণৰ কাষটো কড়ি-টোপোলা বজাই শুনাব। এই অনুক্ৰমে দৰাৰ প্ৰতি তিনিবেলি বুজনি কড়ি-টোপোল৷ বজাই শুনাব। তাৰ পাচত, দৰাই গাৰুচক্ এটা চুই কন্যাৰফালে দিব, আৰু কন্যাই এটা চক্ চুই দৰাৰ ফাললৈ দিব। এই ক্ৰিয়াৰ অন্তত দুয়ো ফালৰপৰা শৰাই দুখনৰ ঢাকোন গুচাই চোৱাচুই কৰি, দৰাৰ ফালৰ খন কন্যাৰ ফাললৈ আৰু কন্যাৰ ফালৰ খন দৰাৰ ফাললৈ আঁতৰাই থৈ, সেই মৰলৰ ওপৰতে এখন বৰকাঁহী পাতি তাতে দৰা-কন্যাই টেমী-কটাৰী সলোৱা-সলিকৈ প্ৰীতিখেল কৰিব। তাৰ পাচত, সেই কাঁহীতে এদোন আৰৈ চাউলৰ দ’ম বান্ধি তাৰ মাজত দৰা-কন্যাই পিন্ধি থক৷ আঙ্গঠি দুটা প্ৰথমে দৰাই লৈ গুজি থব; কন্যাই খেপিয়াই বিচাৰি দৰাৰ আঙ্গঠিটো উলিয়াই লব; নোৱাৰিলে তামোল-পাণেৰে মাতি মাগি উলিয়াই লব; সেই অনুক্ৰমে দৰায়ো কন্যাৰ আঙ্গঠি লাভ কৰিব
পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮
অৱয়ব