পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া খাঘৰ গুণাগুণ বঢ়াৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰে। সেইবোৰ বস্তু বঙালীৰ ৰন্ধাৰ প্ৰণালীতকৈ অসমীয়াৰ ৰন্ধ৷ প্ৰণালীত বেচি নষ্ট নহয় – অৰ্থাৎ বেচিকৈ ভজা, সোৱাদ লগাবলৈ নানা প্ৰকাৰ বস্তুৰে সানমিহলিকৈ ৰন্ধা আৰু বেচি পৰিমাণে বাখৰ দিয়া হলে, খাঘপ্ৰাণ বস্তু বহুত পৰিমাণে নষ্ট হয়। উহুৱাই খালে খাদ্যপ্ৰাণ বেচি পৰিমাণে থাকে, পচল৷ ' আৰু খৰিচাত খাৰ পদাৰ্থ বেচি থাকে। গাঁজত এবিধ অম্ল-জাতীয় আৰু “কেলচিয়ম্ অক্‌জিলেট্” নামে চুন জাতীয় পদাৰ্থও বোচ আছে; হাড় বঢ়োৱ৷ (antirachitic ) খাদ্য প্ৰাণো আছে। কিছুমান বস্তুৰ লগত লগলগাই ৰান্ধিলে খৰিচাৰ আপ্পা গুৰুপাক হয় আৰু ৰুগীয়া মানুহৰ অনুপযোগী হয়। বেচিকৈ গাজ খালে পেচাপত পাথৰ হোৱাত সহায় কৰে বুলি বহুত বিশেষজ্ঞই কয়। মণিপুৰীসকলে গাঁজ বেচিকৈ খায় বুলিয়েই বোধকৰে। তেওঁলোকৰ বেচিকৈ পাথৰ (Stone) হোৱা দেখা যায়। কচুত সাৰ ভাগ বেচি থাকে। আলুত শ্বেতসাৰ বেচি পোৱা যায়। আলু ভাজি থোৱাতকৈ বাকলিতে সিজাই ব্যৱহাৰ কৰিলে কিছু পৰিমাণে খাদ্মপ্ৰাণ পোৱা যায়। শাকপাচলিত লোণজাতীয় বস্তু যথেষ্ট পোৱা যায়। গতিকে, ৰক্তৰ খাৰত্ব ঠিক ৰাখিবলৈ ইহঁত বৰ উপযোগী। ৫৫ ফল। অসমীয়াই কঁঠাল, আম, কল, অমিতা, মাটিকঁঠাল, সুমথিৰা, নাৰিকল, বেঙ্গ ইত্যাদি যথেষ্ট পৰিমাণে খায়। এইবোৰ ফল বৰ পুষ্টিকৰ আৰু উপাদেয় খাদ্য। কঁঠাল পুষ্টিকৰ হলেও গুৰুপাক। পকা বেল বৰ পুষ্টিকৰ আৰু শৌচ খোলোচা কাৰক। মাটিকঁঠালে পৰিপাকত কিছুপৰিমাণে সহায় কৰে। সুমথিৰা নেমুটেঙা, ঔটেঙা, প্ৰভৃতি ফল টেঙা জাতীয় হলেও, ইহঁতে শৰীৰত গৈ ৰক্ত পৰিষ্কাৰ কৰে আৰু ৰক্তৰ খাৰত্ব বৃদ্ধি কৰি শৰীৰক সুস্থকৈ ৰাখে। সুমথিৰা আৰু নেমুটেঙাত ‘গ’ খাদ্যপ্ৰাণ ইমান, বেচি যে, ‘স্কাৰ্ভি' আৰু অইন বহুত সংক্ৰামক ৰোগৰ ই প্ৰধান দৰব। কেঁচা সুমথিৰাটো যথেষ্ট খা্যপ্ৰাণ আৰু পৰিপাক কৰ৷ শক্তি আছে। বগৰি সাৰবান হলেও গুৰুপাক। লেচুত আৰু বগ। জামুকত সাৰভাগ কম। ক’লাজামুক আৰু ইয়াৰ গুটি বহুমূত্ৰ ৰোগত বিশেষ উপকাৰী। ডালিমত শৰ্কৰা ভাগ বেচি থাকে, ইও ৰোগীৰ পথ্যৰ উপযোগী। শৰ্কৰা, লোণ, চেলুলজ, আৰু খাদ্যপ্ৰাণ থকাই, ফলাহাৰে শৰীৰ