পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

€8 প্ৰৱন্ধ-সংগ্ৰহ বেচি থাকে! বহুতৰে ধাৰণা, হাঁহকণী বেচিকৈ খালে বাতৰোগ বেচি হয়, ইও ভুল ধাৰণা। হাঁহকণীৰ গোন্ধ অৱশ্যে কিছুমানৰ বেয়া লাগিব পাৰে। দৈ, গাখীৰ আৰু মাখন গান্ধীৰত খাদ্যৰ সকলো জাতীয় উপাদান থকাই, গাৰ্থীৰক আদৰ্শ খাদ্য বুলিব পাৰি—ঘাইকৈ, কেচুৱাৰ কাৰণে। অসমীয়াই প্ৰায় ভাত চিৰা, কল, পিঠাগুৰি ইত্যাদি খাঘৰ লগত মিহলাইহে গাখীৰ খায়; — বেলেগে বৰকৈ পি নাথায়। মিহলাই থোৱা একো বেয়া নহয়; — বৰং ভালহে। বেলেগে খোৱাতকৈ, অইনবস্তুৰ লগত গাখীৰ খোৱা ভাল। কাৰণ অন্য খাঘৰ সৈতে খালে গাখীৰ সহজে হজম হয় আৰু সাৰাংশও বেচিকৈয়ে শৰীৰত সোমায়। এৱণ গাখীৰতকৈ দৈ গাখীৰ অসমীয়া মানুহে বেচিকৈ খায়। বিয়াই-সকামে, ভোজে ভাতে দৈ নহলেই নহয়। এই প্ৰথাটে৷ একে৷ অনিষ্টকাৰী নহয়। বঙালী বিদেশীৰ ভোজ আদি সকামত নান! তৰহৰ বাখৰযুক্ত ৰুচিকৰ খাদ্যতকৈ অসমীয়াৰ দৈ-চিৰা, পাহ-ভাত, দৈ-গুড় কোমল-চাউল ব্যৱহাৰ কৰা বহু গুণে ভাল। কাৰণ দৈত Lactic acid Bacillus (লেকটিক্ এচিদ্ বেচিলাচ্ ) নামে এবিধ বীজাণু আছে। এই বীজাণুৱে আমাৰ অনিষ্টকাৰী বহুত বীজাণুক ধ্বংস কৰি স্বাস্থ্যৰ বিশেষ হিতসাধন কৰে। নিয়মীয়া ভাৱে দৈ ব্যৱহাৰ কৰিলে বহুত ৰোগ আৰু অকালবাৰ্দ্ধকতাৰ হাত সাৰিব পাৰি। মাখনত ‘ক’ খাদ্যপ্ৰাণ বেচি আছে। অসমীয়াই মাখন কমকৈ ব্যৱহাৰ কৰে। ভাল দৈ গাৰ্থীৰতেই মাখনত থকা উপাদান বোৰো পোৱা যায়। শাক-পাচলি

অসমীয়াৰ প্ৰধান পাচলি লাও, কোমোৰা, কচু, আলু, বেঙেনা, বিলাহী-

ৰেঙেনা লাই, লফা, চুকা, পালেং, মূলা, বাবৰি সৰিয়হ দোৰোণ, হেলচী, শোকোতা, কেঁচাকল, পচলা, গাঁজ (খৰিচা ) পুৰৈ, জিকা, ভোল ইত্যাদিয়েই। এইবোৰ শৰীৰ পুষ্ট কৰিবলৈ উপযোগী বস্তু। এইবোৰৰ পৰা আমি প্ৰধানতঃ শালি আৰু লোণ উপাদানেই বেচি পাওঁ আৰু ‘চেলুলজ' নামে এবিধ কঠুৱা সাৰহীন উপাদান আৰু বিলাহী বেঙেনাত সকলোতকৈ বেচি পৰিমাণে খাদ্য প্ৰাণ থাকে। ‘ক’ ‘থ’ ‘গ’ ‘ঘ’ আৰু ‘ঙ’ খাদ্যপ্ৰাণ পোৱা যায়। ( ভাইটামিন্ ) সেইবোৰ খাদ্যপ্ৰাণ বস্তু নষ্ট নকৰি তাক ৰক্ষা কৰা অৱশ্যে বস্তুবিলাক ৰন্ধা