পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২ প্ৰৱন্ধ-সংগ্ৰহ কৰি খাব পাৰি। এইবোধ জলপান আমাৰ খেতিয়ক আৰু বহুৱাসকলৰ বেচি উপযোগী। সান্দহ, কোমল-চাউল, চিৰ। আদি বেচিকৈ চোবাই খাব লাগে বুলিয়েই দাঁতৰ গুৰিবোৰ শত্ৰুত হয়। মোহনভোগ-সুচি-মিঠাইত দাঁতব গুৰি শকত হব নোৱাৰে। দাইল দাইলো অসমীয়াৰ এবিধ প্ৰিয় খাদ্য। দাইলত আমীষ নামৰ মাংস গঠন- কাৰী উপাদান বেচি মাত্ৰাই পোৱা যায়। (কেইবিধমান দাইলত এই উপাদানৰ পৰিমাণ মঙহতকৈও বেচি। সেই কাৰণে এজন বিশেষজ্ঞই মচুৰ মাহক দুখীয়াৰ-মাছ-মাংস ( Poor man's meat ) বুলি আখ্যা দিছে। অসমীয়াই মচুৰ, মগু, বুটমাহ আৰু মাটিমাহ বেচিকৈ ব্যৱহাৰ কৰে। মটৰ, ৰহৰ, অসমীয়াই কম ব্যৱহাৰ কৰে। প্ৰকৃততে এইবোৰ দাইল বৰ গুৰুপাক। কলাদাইল বেচি পৰিমাণে খালে এবিধ লেথাৰিয়েচিচ ( Lathyriasis ) নামে ভৰি-দুৰ্ব্বল কৰ৷ ৰোগ উৎপন্ন হয় বুলি কোনো কোনো চিকিৎসকে মত প্ৰকাশ কৰে। পশ্চিমৰ ভাৰতীয় মানুহে কলা দাইল বেচিকৈ থায় বুলিয়েই তেওঁলোকৰ সাধাৰণ শ্ৰেণীৰ মাজত এই ৰোগ বেচিকৈ দেখা যায়। অসমলৈ অহা পশ্চিমীয়া মানুহ কিছুমানে আঠু লগলগাই, ভৰিলেকেচীয়াই, হাতত লাথুটি লৈ মাগিবলৈ অহা বোধকৰে। বহুতে লক্ষ্য কৰিছে। সেয়েই কলা দাইল খোৱাৰ পৰা হোৱা ৰোগ। দাইলে আমাৰ শৰীৰত মাছ-মাংসৰ দৰেই ক্ৰিয়া কৰে। দাইল অৱশ্যে ভালকৈ নিসিজালে মাংসতকৈ সহজে জীণ যোৱাতে| টান হয়। ভিজোৱা মাহ, সাধাৰণতে মগু আৰু বুটমাহ, অসমীয়াই প্ৰসাদ স্বৰূপে মাহ-চাউল বা গাঁজি কৰি প্ৰায়েই খায়। ভিজোৱা মাহত যথেষ্ট পৰিমাণ থা্যপ্ৰাণ ( ক ) 'আৰু (গ) ভাইটামিন A and C Vitamin আছে। দাইলৰ ওপৰত (Cellulose) চেলুলজ, বুলি এবিধ আৱৰণ বা চোকোৰা আছে। তাক খালেও যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ পোৱা যায় আৰু শৌচ খোলাচা হয়। লোণ-আদা-নাৰিকলেৰে সনা, এই ভিজোৱ। মাহ আৰু চাউল; তাৰ লগতে কল-কূহিয়াৰ, আম-অগিতা, আদি ৰতৰৰ সুমিষ্ট ফলেৰে সজোৱা অসমীয়াৰ প্ৰসাদৰ পাত এখন, চপ্-কাট্‌লেট্, কালীয়া-পোলাও